Local, Vocal, Global

কলেজসমূহত খালী হৈ থকা ৭৪৩ টা সহকাৰী অধ্যাপকৰ পদ পূৰণৰ সিদ্ধান্ত

গুৱাহাটী,১২ ডিচেম্বৰঃ বেচৰকাৰী খণ্ডত থলুৱা যুৱক-যুৱতীৰ নিযুক্তি পৰ্যবেক্ষণৰ বাবে Assam Youth Commissionৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, লগতে বিদেশত থকা প্ৰবাসী অসমীয়াসকলৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰিব৷ মেডিকেল, ইঞ্জিনিয়াৰিঙত অধ্যয়নৰ বাবে প্ৰয়োজনীয় কোচিং আৰু সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাতো সহায় কৰিব৷

• কলেজসমূহত খালী হৈ থকা ৭৪৩টা সহকাৰী অধ্যাপকৰ পদ পূৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ কেবিনেটত৷ ইয়াৰে ২০৩টা তৃতীয় বৰ্গ আৰু ৫২৪টা চৰ্তুথ বৰ্গৰ পদ৷ মে’ৰ ভিতৰতে শিক্ষা বিভাগে সম্পন্ন কৰিব নিযুক্তি প্ৰক্ৰিয়া৷

• ২৪ জানুৱাৰীত আবেলি তিনি বজাত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব অসম সৌৰভ, অসম বৈভৱ, অসম গৌৰৱ বঁটা৷

• এইবাৰ পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনতো বেলট পেপাৰৰ সলনি ব্যৱহাৰ কৰা হ’ব ইভিএম মেচিন।