Local, Vocal, Global

ওদালগুৰিত ক’ৰনাৰ মহামাৰী ৰূপ

ৰাজ্যৰ লগতে এতিয়া  ক্ৰমাৎ জটিল অৱস্থা লৈ গতি কৰিছে ওদালগুৰিত ক’ৰনা মহামাৰীয়ে। নিতৌ নতুন নতুন অঞ্চলৰ লোক আক্ৰান্ত হৈছে ক’ভিড-১৯ত৷ শনিবাৰৰ দিনটোত ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ৩৩গৰাকী লোক ৷ উল্লেখ্য যে জিলাখনত ৩৬৭গৰাকী ব্যক্তি এতিয়ালৈ আক্ৰান্ত হৈছে ক’ভিড-১৯ ত ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ২৫৫গৰাকী ক’ভিড ৰোগী৷ বৰ্তমান চিকিৎসাধীন হৈ আছে ১১০গৰাকী ক’ভিড-১৯ ৰোগী৷