Local, Vocal, Global

Court notice to Assam CM Himanta Biswa Sarma : ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

নিউজ ডেস্ক, ১৮ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জাৰি কৰিছে চমন । ২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ । এই অভিযোগৰ ভিত্তিতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুদ্ৰপুৰৰ উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ডঃ গণেশ উপাধ্যায়ে অভিযোগ দাখিল কৰিছিল । অভিযোগৰ ভিত্তিতে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতে জাৰি কৰিছে চমন(Assam CM Himanta Biswa Sarma) ।

উল্লেখ্য যে ইয়াৰ ওপৰত কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ডঃ গণেশ উপাধ্যায়ে ৰুদ্ৰপুৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতত এটা অভিযোগ দাখিল কৰিছিল । ডঃ গণেশ উপাধ্যায়ে দাখিল কৰা অভিযোগৰ ওপৰত তেওঁৰ বিবৃতিও লিপিবদ্ধ কৰা হৈছে ।”২০২২ চনত উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত ৬৭ কিচ্ছা বিধানসভা সমষ্টিৰ কিচ্ছা নগৰত অৱস্থিত তহচিল কাৰ্যালয়ৰ সন্মুখত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল । সেই সময়ত দিনৰ প্ৰায় ১ মান বজাত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল । তাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কংগ্ৰেছ নেতা তথা তেতিয়াৰ সাংসদ ৰাহুল গান্ধীৰ নাম লৈ ‘আপুনি কোন পিতৃৰ সন্তান, আমি প্ৰমাণ বিচাৰিছোঁ নেকি’ বুলি কৈছিল ।সশস্ত্ৰ বাহিনীৰ ওপৰত প্ৰশ্ন কৰিবলৈ আপোনাক অধিকাৰ কোনে দিলে”।

হিমন্ত বিশ্ব শৰ্মাৰ এই সম্বোধন ৰাহুল গান্ধীৰ মাতৃ তথা সাংসদ ছোনিয়া গান্ধীৰ চৰিত্ৰৰ বিৰুদ্ধে ৰাজহুৱা অপমান বুলি অভিযোগ কৰা হৈছিল । অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে জাৰি কৰা চমনত মুখ্যমন্ত্ৰীগৰাকীক ২১ ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰে(Court notice to Assam CM Himanta Biswa Sarma )।

লগতে পঢ়ক :Parliament Special Session 2023 : সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবীত সৰ্বদলীয় বৈঠক