Local, Vocal, Global

Actress Arati Barua is No More : অভিনেত্ৰী আৰতী বৰুৱাৰ পৰলোকপ্ৰাপ্তি

নিউজ ডেস্ক, ১ জুন : জীৱন নাট সামৰিলে আৰতি বৰুৱাই ৷ অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী তথা সংস্কৃতিৰ সাধক আৰতী বৰুৱাই বৃহস্পতিবাৰে মহানগৰীৰ এখন চিকিৎসালয়ত দিনৰ ১১.০০ বজাত ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে যোৱা ১৮ এপ্ৰিলত ষ্ট্ৰ’কত আক্ৰান্ত হৈ জিএনআৰচিত চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী । ৪৩ দিন চিকিৎসাধীন হৈ থকাৰ পিছত আজি তেওঁ চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ।

প্ৰয়াত আৰতি বৰুৱা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ পত্নী আছিল ৷ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ ১৯৮০ চনত পৰলোক প্ৰাপ্তি ঘটাৰ পিছত বৰুৱাৰ সৃষ্টিৰাজীক আগবঢ়াই নিয়াৰ লগতে তিনি সন্তানক মানুহ হিচাপে গঢ়ি তোলাত সফল হৈছিল প্ৰয়াত আৰতী বৰুৱা ৷ পুৰণিগুদাম ভীমৰ গাঁৱত জন্ম গ্ৰহণ কৰা গীতিকাৰ, সুৰকাৰ, কন্ঠ শিল্পী, সংগীত পৰিচালক লুইত কোঁৱৰৰ পত্নী আৰতী বৰুৱাই স্বামীৰ অবৰ্তমানত শিল্পীজনৰ সৃষ্টিৰাজী জীয়াই ৰাখিবলৈ কাম কৰি গৈছিল ৷ নতুন প্ৰজন্মৰ মাজত ৰুদ্ৰ বৰুৱাৰ সৃষ্টিৰাজী জীয়াই ৰাখিবলৈ হাতে-কামে কাম কৰিছিল ৷ আনকি নিজৰ পেঞ্চনৰ ধনেৰে ৰুদ্ৰ বৰুৱাৰ আবক্ষ মূৰ্তি স্থাপন কৰিছিল আৰতী বৰুৱাই ৷

১৯৩৫ চনৰ ১২ ছেপ্টেম্বৰত তুৰাত জন্মগ্ৰহণ কৰা আৰতীয়ে চৰকাৰী চাকৰিয়ালৰ কন্যা আৰতীয়ে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল যোৰহাট, গোৱালপাৰা, বৰপেটা, নগাও, লখিমপুৰত । শিলচৰৰ পৰা দশম শ্ৰেণী সম্পূৰ্ণ কৰি লেডী কিন কলেজ শ্বিলঙত অধ্যয়ন কৰিছিল ।

উল্লেখ্য যে ১৯৭৬ চনত ভবেন শইকীয়াৰ সন্ধ্যাৰাগ ছবিৰে অভিনয় জীৱন আৰম্ভ কৰা আৰতিয়ে ‘অগ্নিষ্ণন’, ‘সন্ধ্যাৰাগ’ আদি কেইবাখনো ছবিত অভিনয় কৰাৰ লগতে টিভি ধাৰাবাহিকতো অভিনয় কৰিছে । জন্মগত শিল্পী হিচাপে শিলচৰ আৰু গুৱাহাটী দুয়োখন দেশতে মঞ্চত ফণী শৰ্মা আৰু কেইবাগৰাকীও মহান শিল্পীৰ সৈতে ১০০ খনতকৈও অধিক নাটকত অভিনয় কৰিছিল। আৰতী বৰুৱাক ৮২ বছৰ বয়সত প্ৰতিমা পাণ্ডেৰ ওপৰত নিৰ্মিত বায়’পিক বঁটা বিজয়ী সোণাৰ বৰন পাখীত দেখা গৈছিল।

অভিনেত্রী আৰতী বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে শোঁকৰ ছাঁ পেলাইছে প্ৰতিগৰাকী সংস্কৃতিপ্ৰেমীৰ মনত ।

লগতে পঢ়ক : IAF Jet crashes in Chamarajnagar : ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত