Local, Vocal, Global

শিখা শইকীয়াৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত দম্পতী গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৭ জুলাই : শিখা শইকীয়াৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত বুধবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে দুজন প্ৰধান অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত ৰ’জি ৰাভা গগৈ আৰু নিৰিখিত গগৈ নামৰ দম্পতীহালক তিনিচুকীয়া জিলাৰ পৰা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

বিবাহিত দম্পতী যাৰ নাম ২৪ জুনত আত্মহত্যা কৰা শিখা শইকীয়াৰ দ্বাৰা এৰি দিয়া চুইচাইড নোটত উল্লেখ কৰা হৈছিল। আৰক্ষীয়ে টোকাটোৰ ওপৰত ভিত্তি কৰি অনুসন্ধান অভিযান আৰম্ভ কৰাৰ পিছত দুয়োপলাতক আছিল।

উল্লেখযোগ্য যে, ২৪ জুনত আত্মহত্যা কৰা শিখা শইকীয়াৰ দ্বাৰা এৰি যোৱা চুইচাইড নোটত বিবাহিত দম্পতী হালৰ নাম উল্লেখ আছিল । আৰক্ষীয়ে টোকাটোৰ ওপৰত ভিত্তি কৰি অনুসন্ধান অভিযান আৰম্ভ কৰাৰ পিছত দুয়ো পলাতক আছিল।

কিছুদিন পূৰ্বে শিখাই শিৱসাগৰৰ আমগুৰি ঘাটৰ এখন দলঙৰ পৰা দিখৌ নদীত জঁপিয়াই আত্মহত্যা কৰিছিল।

গ্ৰেপ্তাৰ কৰা দম্পতীহালক বৰ্তমান আৰক্ষী বিষয়াসকলে শিৱসাগৰ আৰক্ষী থানাত জেৰা কৰি আছে।