Local, Vocal, Global

দিল্লীৰ AIIMSত ভৰ্তি বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ

নিউজ ডেক্স ,৭ জুলাই : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ RJDৰ সভাপতি লালু প্ৰসাদ যাদৱক বুধবাৰে নিশা প্ৰায় ৯.৩৫ বজাত এইমছ ভৰ্তি কৰোৱা হৈছিল।

বুধবাৰে দিল্লীত উপস্থিত হোৱা লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীয়ে লালু প্ৰসাদ যাদৱৰ সমৰ্থকসকলক তেওঁৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।

পাটনাত থকা তেওঁৰ বাসগৃহত চিৰিৰ পৰা পৰি যোৱাৰ ফলত একাধিক হাড় ভঙি যোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

উল্লেখযোগ্য যে নেতাজন পৰি যোৱাৰ পিছত কান্ধকে ধৰি তিনিটা ঠাইত হাড় ভাঙিছিল আৰু শৰীৰটো “locked” হৈ থকাৰ বাবে জটিলতা বৃদ্ধি পাইছিল আৰু তেওঁ বেছি লৰচৰ কৰিব পৰা নাছিল আৰু সেয়েহে উন্নত চিকিৎসাৰ বাবে তেওঁক দিল্লীলৈ লৈ যোৱা হয়।