Local, Vocal, Global

Eid-ul-Fitr 2024 : আজি পবিত্ৰ-ঈদ-উল-ফিটৰ;প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা

নিউজ ডেস্ক, ১০ এপ্ৰিল : এমহীয়া ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ-ঈদ-উল-ফিটৰ(Eid-ul-Fitr 2024) ।

বিগত এমাহ ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে কঠোৰ নীতি-নিয়মৰ মাজেৰে নিজক সংজম কৰি পালন কৰি আহিছে ৰোজা । ইছলামিক কেলেণ্ডাৰত বছৰৰ নৱম মাহ ৰমজান আৰু দশম মাহ শওৱাল আৰু এই মাহৰ প্ৰথম দিনটোতে ঈদ পালন কৰা হয়। আজিৰ দিনটোত সমগ্ৰ দেশৰ ইছলাম ধৰ্মীৰ লোকে পালন কৰে পবিত্ৰ ঈদ-উদ-ফিটৰ ।

ৰমজানৰ ৰোজাৰ অন্ত পৰে ঈদৰ উৎসৱৰ সৈতে, এই ঈদত সকলোৱে আনন্দ উৎসৱত ভাগ লয় । আৰু সামৰ্থবানসকলে দৰিদ্ৰসকলক ঈদৰ আনন্দ সমানে উপভোগ কৰিবলৈ জাকাত দিয়া পৰ্ব প্ৰচলিত আছে ।

এই জাকাতৰ উদ্দেশ্য হ’ল অভাবী লোকসকলে যাতে নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হয় তাৰ বাবে সামর্থবান লোকে সম্পত্তিৰ চল্লিছ ভাগৰ এভাগ দান কৰে । অকল ভাৰতবাসীয়েই নহয় বিশ্বৰ প্ৰতিজন ইছলাম ধৰ্মৰ লোকে এই উৎসৱৰ আগমনৰ লগ লগেই ত্যাগ আৰু ভাতৃত্ববোধৰ বানী বিলাই উদযাপন কৰে পবিত্ৰ ঈদ-উল ফিটৰ ।

বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ঈদৰ আনন্দ। ঈদ উপলক্ষে দেখা যায় প্ৰেম–ভাতৃত্ববোধৰ ছবি। লগতে থাকে নতুন পোছাক পৰিধান কৰাৰ ৰীতি, বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনৰ জুতি।

পৱিত্ৰ ৰমজান মাহত ৰোজা বা উপবাস ৰাখে বহু ইছলাম ধৰ্মাৱলম্বী লোকে। আৰু এই ৰোজাৰ অন্তত পালি হয় ঈদ। ৰমজান মাহ কেতিয়াবা ২৯ দিনীয়া হয়, কেতিয়াবা ৩০ দিনীয়া। ৰমজানৰ শেষত আকাশত জোন দেখাৰ পিছতে পালন কৰা হয় আনন্দৰ পৱিত্ৰ ঈদ। ইছলাম ধৰ্মৰ কেলেণ্ডাৰ লুনাৰ বা চন্দ্ৰৰ কেলেণ্ডাৰৰ ওপৰত নিৰ্ভৰশীল। আৰু সেই কেলেণ্ডাৰ মানি প্ৰতি বছৰে পৃথক পৃথক দিনত পালিত হয় ঈদ।

সংযম, সততা আৰু সদ্ভাৱনাৰে এমাহ ৰোজা ৰখাৰ সকলোৱে পালন কৰে পৱিত্ৰ ঈদ। বিয়পি পৰে প্ৰেম আৰু বন্ধুত্বৰ বাৰ্তা। ইতিহাসৰ মতে, এই উৎসৱৰ আৰম্ভণি কৰিছিল স্বয়ং ইছলামৰ নবী হজৰত মহম্মদে। এই উৎসৱ ইছলামিক কেলেণ্ডাৰৰ দশম মাহত শ্বাৱাল মাহত পালন কৰা হয়।

সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল–মাখল পৰিৱেশ। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। গুৱাহাটী মহানগৰীতো ঈদক লৈ দেখা গৈছে আনন্দমুখৰ পৰিৱেশ। সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ। নামাজৰ বাবে পুৱাই ঈদগাহসমূহত সমবেত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল।

লগতে পঢ়ক :Eid-Ul-Fitr To Be Celebrated In India On Thursday : কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিটৰ