Local, Vocal, Global

cosmetics companies raid in Golaghat : নকল সোণ , নকল টকা নহয় এইবাৰ বজাৰত নকল প্ৰসাধন

গোলাঘাট, ২জুন’ : ৰাজ্যত যিমানে আৰক্ষী সষ্টম হৈছে সিমানে বাঢ়ি গৈ আছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম হৈছে ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান।কিন্তু তাৰ মাজতে একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে চলাই আছে অপৰাধ।নকল সোণৰ পিছত এইবাৰ বজাৰত নকল প্ৰসাধন।

সাৱধান ! প্ৰসাধন ব্যৱহাৰ কৰোঁতে সাৱধান হওক আপুনিও(Be careful using cosmetics)।বহিঃৰাজ্যৰ কোম্পানীৰ অভিযান গোলাঘাটত (companies raid in Golaghat)। নকল সামগ্ৰীৰে ভৰি পৰিছে ৰাজ্য । নকল সোণ , নকল টকাই নহয় এইবাৰ বজাৰত নকল প্ৰসাধন । প্ৰসা্ধন ব্যৱহাৰ কৰা সুন্দৰী যুৱতী – মহিলা সকল সাৱধান হওক । ব্ৰেণ্ডেড সামগ্ৰী বুলি বজাৰত ভৰি পৰিছে নকল প্ৰসাধন সামগ্ৰীৰিয়ে । এনে প্ৰসাধনৰ বাবে ছালৰ সৌন্দৰ্যতা হ্ৰাস হোৱাৰ উপৰিও শাৰীৰিক দিশলৈও একপ্ৰকাৰ ভাবুকি নামি আহিব পাৰে । এনে প্ৰসাধনত ছালৰ বাবে প্ৰয়োজনীয় থাকিবলগীয়া উপাদানৰ সন্দৰ্ভত কিমান পৰীক্ষা নিৰীক্ষা কৰিছে তাৰ কোনো সঠিক ভৰসা থকা তথ্য নাই ।

গোলাঘাট জিলাৰ বিভিন্ন স্থানত একাংশ দুষ্ট চক্ৰই নকল প্ৰসাধন সামগ্ৰীৰ ক’লা সম্ৰাজ্য গঢ়ি তুলি ৰমৰমীয়া বেহা চলাই থকাৰ তথ্য পোহৰলৈ আহিছিল । ঘটনা পোহৰলৈ অহাৰ পিছতে গোলাঘাটত বহিঃৰাজ্যৰ কোম্পানীৰ অভিযান(cosmetics companies raid)। প্ৰসাধনৰ অভিযানত নামিল বহিঃৰাজ্যৰ কোম্পানী । সুদূৰ বাংগালুৰুৰ পৰা আহি গোলাঘাটত অভিযান চলাব লগীয়া হৈছে প্ৰসাধন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানে । বৃহস্পতিবাৰে বাংগালোৰৰ পৰা অহা হিন্দুস্তান ইউনিলিভাৰ কোম্পানীৰ দলে গোলাঘাট আৰক্ষীৰ সহযোগত নকল প্ৰসাধন সামগ্ৰীৰ বিৰুদ্ধে নগৰৰ ৩ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা গুদামত অভিযান চলায় । দলটোৱে গোলাঘাট নগৰৰ হিন্দী স্কুল ৰোড আৰু চ’ক বজাৰৰ তিনিখন প্ৰতিষ্ঠান ক্ৰমে হিন্দীস্কুল ৰোডৰ ৰাজিউৰ ৰহমানৰ “ৰহমান ষ্ট’ৰ”, আমিৰ হুছেইনৰ “হেপি ষ্ট’ৰ” আৰু চক বজাৰৰ মালেক ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত অভিযান চলাই লেকমি আৰু ফেয়াৰ এণ্ড লভলীৰ নকল প্ৰসাধন সামগ্ৰী জব্দ কৰে(LAKMI Fair & Lovely) । তিনিজনীয়া দলটোৱে নগৰখনৰ এই তিনি ব্যৱসায়ীৰ বিৰুদ্ধে ইতিমধ্যেই গ্ৰহণ কৰিছে আইনী পদক্ষেপ । দলটোৰ নেতৃত্বত আছিল নয়নতাৰা ডেমি নামৰ এগৰাকী মহিলা। ইতিমধ্যেই তিনি ব্যৱসায়ীক আটক কৰাৰ লগতে নকল সামগ্ৰীসমূহ জব্দ কৰিছে গোলাঘাট আৰক্ষীয়ে।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰক কেন্দ্ৰ কৰি হিন্দুস্তান ইউনিলিভাৰ কোম্পানী আৰু সুনাম থকা বিভিন্ন ব্ৰেণ্ডেড কোম্পানীৰ প্ৰসাধন সামগ্ৰীৰ এখন অবৈধ বজাৰ দীৰ্ঘদিন ধৰি গোলাঘাটৰ বিভিন্ন স্থানত চলি থকাৰ তথ্য লাভ কৰাৰ পাছতে উক্ত দলটোৱে এনেদৰে আকস্মিক অভিযান চলায়‌।

লগতে পঢ়ক : Electricity Price Hike : পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল