Local, Vocal, Global

৫৫ লাখ টকা দি বঢ়ালে নিজৰ উচ্চতা

শৰীৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে বহু  লোকে কছমেটিক ছাৰ্জাৰীৰ সহায় লোৱাৰ কথা আমি সকলোৱে জানো। কিন্তু বিগত কিছু সময়ৰ পৰা কছমেটিক ছাৰ্জাৰীৰ সহায়েৰে উচ্চতা বৃদ্ধি কৰিব পৰা খবৰটোৱে লাভ কৰিছে বিশেষ চৰ্চা। কিছুদিনৰ পূৰ্বে আমেৰিকাৰ এজন নিবাসীয়ে এই ছাৰ্জাৰীৰ জৰিয়তে বৃদ্ধি কৰিছে নিজৰ উচ্চতা। উল্লেখযোগ্য যে ছাৰ্জাৰীৰ পূৰ্বে অলফৈঞ্চ ফ্লৈৰ্স নামৰ যুৱকজনৰ উচ্চতা আছিল ৫ ফুট ১১ ইঞ্চি কিন্তু ছাৰ্জাৰীৰ পিছত তেওঁৰ উচ্চতা হয়গৈ ৬ ফুট ১ ইঞ্চি। এই ছাৰ্জাৰী অতি ব্যয়বহুল। ফ্লৈৰ্সে এই অস্ত্ৰোপচাৰৰ বাবে খৰচ কৰিছে প্ৰায় ৫৫ লাখ টকা। ডেইলী মেইলৰ তথ্য অনুসৰি ২৮ বছৰীয়া অলফৈঞ্চ ফ্লৈৰ্স এজন মেডিকেলৰ ছাত্র। ফ্লৈৰ্সে  Limb Lengthening Surgeryৰ জৰিয়তে পূৰণ কৰিছে তেওঁৰ ওখ হোৱাৰ স্বপ্ন। ডাঃ কেবিন দেৱীপ্রসাদৰ মতে কছমেটিক ছাৰ্জাৰীৰ জৰিয়তে শৰীৰৰ উচ্চতা বৃদ্ধি কৰিব পাৰি যদিও এই ছাৰ্জাৰী যথেষ্ট ব্যয়বহুল। লগতে তেওঁ কয় যে এই অস্ত্ৰোপচাৰৰ দ্বাৰা আঁঠুৰ ওপৰৰ অংশৰ হাড় দীঘল কৰা যায়।