Local, Vocal, Global

প্ৰতি ১৫ ছেকেণ্ডত ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু এগৰাকীকৈ লোকৰ

বৰ্তমানেও অনিশ্চয়তাত আছে ক’ৰনাৰ সন্ত্ৰাস কেতিয়া কমিব। সমগ্ৰ বিশ্বত ২৩ লাখ অতিক্ৰম কৰিছে ক’ৰনাৰ আক্ৰান্তৰ সংখ্যাই। ক’ৰনাত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত ইতিমধ্যে ৮ লাখৰো অধিক লোকৰ মৃত্যু হৈছে।

কিন্তু শেহতীয়াকৈ বিশ্ববাসীলৈ আহিছে আন এক ভয়ংকৰ খবৰ। সমগ্ৰ বিশ্বক চিন্তিত কৰিছে এই খবৰে। বিশ্বত ২৪ঘন্টাত ক’ৰনাত আক্ৰান্ত হৈ মৃত্যমুখত পৰিছে ৫,৯০০গৰাকী লোক। বিগত প্ৰায় ২সপ্তাহত বিশ্বত প্ৰতিঘন্টাত ২৪৬গৰাকী লোকৰ মৃত্যু হৈছে। অৰ্থাৎ ১৫ ছেকেণ্ডত এগৰাকী ৰোগীৰ মৃত্যু হৈছে।

উল্লেখ্যযোগ্য যে, কাল কৰ’নাই সৰ্ব্বাধিক ক্ষতিগ্ৰস্থ কৰিছে আমেৰিকা যুক্তৰাষ্টক, দ্বিতীয়তে ব্ৰাজিল আৰু তৃতীয়তে ক্ষতিগ্ৰস্থ হৈছে ভাৰতবৰ্ষ। কিন্তু নিৰাশাৰ মাজতো আশাৰ খবৰ এয়ে যে বিশ্বত বৰ্তমানলৈ ক’ৰনাত আক্ৰান্ত হৈ সুস্থ হৈছে প্ৰায় ১৬কোটি লোক।