কৰ’না পৰীক্ষাৰ মাচুল নিৰ্ধাৰণ, পৰীক্ষাগাৰত ২২০০টকা, ঘৰলৈ গৈ পৰীক্ষা কৰিলে দিব লাগিব ২৮০০ টকা

কৰ’না ৰ টেষ্ট আৰু বিনামূলীয়া হৈ থকা নাই। চৰকাৰে নিৰ্ধাৰণ কৰি দিছে কৰ’নাৰ পৰীক্ষাৰ মাচুল। আপুনি যদি লেবৰেটৰিলৈ গৈ কৰ’না সংক্ৰান্তত স্বাস্থ্য পৰীক্ষা কৰোৱায় , দিব লাগিব ২,২০০ টকা। আনহাতে যদিহে সেই পৰীক্ষাৰ বাবে চিকিৎসক, স্বাস্থ্যকৰ্মীৰ দল আপোনাৰ ঘৰলৈ আহে তেনেহ’লে মাচুল দিব লাগিব ২,৮০০ টকা।
অৱশ্যে এয়া অসমৰ কথা নহয়, মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপেই কৈছে যে কৰ’না টেষ্টিংৰ মাচুল নিৰ্ধাৰণ কৰাৰ বাবে ৰাজ্যখনৰ চৰকাৰে যি কমিটি পাতি দিছিল, সেই কমিটি খনেই নিৰ্ধাৰণ কৰি দিছে এই মাচুলৰ নিৰিখ। আৰু স্বাস্থ্য মন্ত্ৰীয়েও এই কমিটিৰ পৰামৰ্শ মানি লৈছে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত সৰ্বাধিক কৰ’না ৰোগী পোৱা গৈছে দেশৰ ভিতৰতে। ৰাজ্যখনত দৈনিক কমেও ৬,০০০ মানুহে কৰাইছে স্বাস্থ্য পৰীক্ষা। ৰাজধানী মুম্বাইত ৩২ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা।