ভাৰতৰ বিবদমান এলেকা সামৰি নতুন মানচিত্ৰক অনুমোদন নেপাল সংসদৰ, সংবিধান সংশোধনী বিধেয়কৰ সমৰ্থনত ভোট

ভাৰতক একপ্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই নেপালৰ নতুন মানচিত্ৰ নিৰ্ধাৰণৰ বাবে এক সংবিধান সংশোধনী বিধেয়ক সন্দৰ্ভত আজি ভোট দান প্ৰক্ৰিয়া সম্পন্ন হয় নেপাল সংসদৰ মজিয়াত। বিশেষ অধিবেশন কালত হোৱা এই ভোটদান প্ৰক্ৰিয়াই নেপালৰ বৰ্তমানৰ মানচিত্ৰ খনৰ পৰিবৰ্তন ঘটাব। এই নতুন মানচিত্ৰত থাকিব ভাৰতে নিজৰ অধীনস্থ বুলি দাবী কৰি অহা ৩ বিবদমান অঞ্চল ক্ৰমে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা। ভাৰতে নেপালৰ এই দাবীৰ বিৰোধিতা কৰি অহাৰ মাজতে আজি মানচিত্ৰ সংশোধনী বিধেয়কখনৰ সমর্থনত ভোট দিলে নেপাল সংসদৰ গৰিষ্ঠ সংখ্যক সদস্যই। মুঠ ২৭৫ গৰাকী সাংসদৰ ২৫৮ গৰাকীয়েই ভোট দিলে বিধেয়কখনৰ সমৰ্থনত। বিগত কিছুদিন ধৰি চলি আহিছে নেপাল -ভাৰত সীমা সংঘাত। যোৱা ৮ মে’ৰ দিনা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিছিল লিপুলেখৰ পৰা ধাৰাচুলা সংযোগী এটা ৰাস্তা। তাৰ পিছতেই নেপালে লিপুলেখ নিজৰ অধীনস্থ বুলি দাবী কৰি সেই ৰাস্তা নিৰ্মাণৰ বিৰোধিতা কৰিছিল। ১৮ মে’ত নেপালে বিবদমান অঞ্চল কেইটাৰ অন্তৰ্ভূক্তিৰে প্ৰকাশ কৰিছিল নতুন মানচিত্ৰ।