Local, Vocal, Global

উৎকোচ গ্ৰহণ কৰি গ্ৰেপ্তাৰ আইনী মেট্ৰ’লজীৰ নিয়ন্ত্ৰক

নিউজ ডেস্ক, ৮ জুন : শুকুৰবাৰে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ (Directorate of Vigilance and Anti-Corruption) এজন চোৰাংচোৱাই অসমৰ আইনী মেট্ৰ’লজীৰ নিয়ন্ত্ৰকক (Controller Of Legal Metrology) উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ধৰা পেলাইছিল।

শচীন্দ্ৰ নাথ বৈশ্যই (ALMS, নিয়ন্ত্ৰক, আইনী মেট্ৰ’লজী ) আজি তেওঁ আগতে দাবী কৰা ২৫,০০০ টকা উৎকোচ গ্ৰহণ কৰাৰ সময়ত ৰঙাহাতে ধৰা পৰিছিল।

বাতৰি অনুসৰি, গুৱাহাটীৰ ৰাম কৃষ্ণ মিছন ৰোডৰ আইনী মেট্ৰ’লজীৰ কাৰ্যালয়ত অভিযান চলাই তেওঁক ধৰা পেলাইছিল।