Local, Vocal, Global

Constituency delimitation draft: নিৰ্বাচন আয়োগৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ

গুৱাহাটী, ২০ জুন : মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে অসমৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ (Constituency delimitation draft) ৷ এই অনুসৰি পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময়সীমা অহা ১১ জুলাইলৈকে বান্ধি দিয়া হৈছে ৷ প্ৰস্তাৱিত এই খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব ৰাজহুৱা শুনানি (Election Commission will conduct public hearing) ৷ এই ৰাজহুৱা শুনানিৰ বাবে আগন্তুক জুলাই মাহত পুনৰ অসমলৈ আহিব নিৰ্বাচন আয়োগৰ এটা দল ৷

পিছে কি কি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই খচৰাখনত (What proposals adopted in this draft) ?

খচৰা প্ৰস্তাৱ অনুসৰি, একেই থাকিব ৰাজ্যৰ লোকসভা আৰু বিধানভাৰ আসনৰ সংখ্যা । এই খচৰাখনত বিধানসভাৰ আসনৰ সংখ্যা পূৰ্বৰ দৰেই ১২৬ আৰু লোকসভাৰ আসনৰ সংখ্যাও ১৪ খনতেই ৰখা হৈছে ৷ অনুসূচিত জনজাতি বাবে ১৯ খন বিধানসভাৰ আসন আৰু ২ খন লোকসভাৰ আসন সংৰক্ষিত কৰাৰ খচৰা প্ৰস্তাৱটোত এই ৰখা হৈছে ৷ লগতে ১২৬ খন বিধানসভা আসনৰ ৯ খন আৰু ১৪ খন লোকসভা আসনৰ ১ খন আসন ৰাজ্যৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ খচৰাটোত উল্লেখ কৰা হৈছে ৷

এইয়া কাৰ্যকৰী হ’লে, বিধানসভাত সাধাৰণ আসনৰ সংখ্যা হ’বগৈ ৯৮ খন । ইয়াৰ বিপৰীতে অনুসূচীত জাতিৰ আসনৰ সংখ্যা ৯ খন আৰু অনুসূচীত জনজাতিৰ আসনৰ সংখ্যা হ’ব ১৯ খন ৷ একেদৰে লোকসভাত ৰাজ্যৰ সাধাৰণ আসনৰ সংখ্যা ১১ খন, অনুসূচীত জাতিৰ ১ খন আৰু অনুসূচীত জনজাতিৰ ২ খন হ’ব ৷

অৱশ্যে বহুকেইটা সমষ্টিৰ নাম সলনিৰ কথা উল্লেখ কৰা হৈছে খচৰাখনত (Draft mentions the name changes of several constituencies in Assam) ।

প্ৰস্তাৱিত খচৰাখনৰ অনুসৰি, কাজিৰঙা নামেৰে পৰিচিত হ’ব কলিয়াবৰ সমষ্টি ৷ একেধৰণে তেজপুৰ লোকসভা সমষ্টিটোৰ নতুন নাম হ’ব শোণিতপুৰ ৷ মঙলদৈ লোকসভা সমষ্টিৰ নাম দৰং নামাকৰণেৰে ৰখা হৈছে ৷

উল্লেখ্য যে,, চলিত বৰ্ষৰ মাৰ্চত অসমলৈ আহি সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ শুনানি গ্ৰহণ কৰিছিল দেশৰ নিৰ্বাচন আয়োগে ৷ ৰাজ্যৰ মুঠ ১১ টা ৰাজনৈতিক দল আৰু ৭১ টা সংগঠনৰ পৰা যোৱা প্ৰতিনিধিৰ শুনানি গ্ৰহণ কৰিছিল নিৰ্বাচনী আয়োগে ৷

মন কৰিবলগীয়া যে,২০০১ চনৰ লোকপিয়লৰ ভিত্তিতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি খচৰাৰ প্ৰস্তাৱটো নিৰ্বাীচনী আয়োগে প্ৰকাশ কৰিছে ৷

ইফালে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিষয়টোক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া অব্যাহত থকা পৰিলক্ষিত হৈ আহিছে ৷ বিৰোধী শিবিৰে অভিযোগ কৰা অনুসৰি, ভোট বেংকৰ স্বাৰ্থত বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ২০০১ চনৰ লোকপিয়লক ভিত্তি হিচাপে লৈ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ আঁৰতো বিজেপি চৰকাৰৰ ৰাজনৈতিক চক্ৰান্ত লুকাই থকা বুলি একাংশ বিৰোধীল দলে দাবী কৰি আহিছে ৷

লগতে পঢ়ক: Assam Flood : ৰাজ্যত বানৰ ফলত ৪ শতাধিক গাঁও পানীৰ তলত