Local, Vocal, Global

Congresss executive meeting in Charaideo : আজি অসম প্রদেশ কংগ্ৰেছ কমিটিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : আজি অসম প্রদেশ কংগ্ৰেছ কমিটিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা ।

ঐতিহাসিক চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ গ্রাম্য ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব অসম প্রদেশ কংগ্ৰেছ কমিটিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সভা ।

জানিব পৰা মতে, এই সভাত সমগ্র অসমৰ চাৰিশৰো অধিক কংগ্রেছ কর্মী উপস্থিত থাকিব। বর্ধিত এই কার্যনির্বাহক বৈঠকত নামনি অসম, বৰাক উপত্যকা, পার্বত্য অঞ্চল, মধ্য অসমৰ উপৰি উজনি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহিবলগা কংগ্রেছ কর্মীসকলে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰও পৰিদৰ্শন কৰিব(Congresss executive meeting in Charaideo)।

দলটোৰ বর্ধিত কার্যনির্বাহক বৈঠকখন সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে গঠন কৰা অভ্যর্থনা সমিতিৰ উপদেষ্টাৰ দায়িত্বত আছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ। বিৰোধী দলপতি দেবব্রত শইকীয়াক অধ্যক্ষ আৰু চৰাইদেউ জিলা কংগ্রেছৰ সভাপতি উৎপল গগৈক সম্পাদকৰূপে লৈ গঠিত অভ্যর্থনা সমিতিয়ে সমগ্ৰ অসমৰ চাৰিশ কংগ্ৰেছ প্রতিনিধিক আদৰিবলৈ সাজু।

লগতে পঢ়ক :CM made a big statement ahead of recruitment examination : ADREৰ তৃতীয় বৰ্গৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য