Local, Vocal, Global

বিতৰ্কত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা

নিউজ ডেস্কঃ ভাৰত জোড়ো যাত্ৰাৰ ভিডিঅ’ত জনপ্ৰিয় চিনেমা কেজিএফ-২ ৰ এটা গান ব্যৱহাৰ কৰি বিপদত পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ। অনুমতি অবিহনে ভিডিঅ’ৰ নেপথ্যত এই গান ব্যৱহাৰ কৰাৰ অভিযোগত বাংগালুৰুৰ এখন স্থানীয় আদালতে কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ অফিচিয়েল টুইটাৰ হেণ্ডল অস্থায়ীভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে।

এমআৰটি মিউজিকৰ দ্বাৰা দাখিল কৰা কপিৰাইট উলংঘনৰ গোচৰত আদালতে আজি টুইটাৰক কংগ্ৰেছ আৰু ভাৰত জোড়ো যাত্ৰাৰ হেণ্ডেল সমূহ অস্থায়ীভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।