Congress To Start ‘Bharat Jodo Nyay Yatra’ From Private Ground In Thoubal : মণিপুৰৰ থৌবাল জিলাৰ ব্যক্তিগত খেলপথাৰৰ পৰা আৰম্ভ হ’ব ”ভাৰত জোড়ো ন্যায় যাত্ৰা”
নেশ্যনেল ডেস্ক, ১৩জানুৱাৰী : এইবাৰ পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ নতুন যাত্ৰা আৰু ২০ মাৰ্চত সমাপ্ত হ’ব । মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা( Congress To Start ‘Bharat Jodo Nyay Yatra’ From Private Ground In Thoubal) ।
মণিপুৰৰ থৌবাল জিলাৰ ব্যক্তিগত খেলপথাৰৰ পৰা ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা । এই যাত্ৰা হ’ব প্ৰায় ৩৪ কিলোমিটাৰ।
কংগ্ৰেছৰ মণিপুৰৰ সভাপতি কেইশ্বাম মেঘচন্দ্ৰই ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত কয় যে ২ জানুৱাৰীত ইম্ফলত হাপ্তা কাংজেইবুং খেলপথাৰ প্ৰস্তাৱ কৰাৰ পিছতো ১০ জানুৱাৰীত এখন বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে অনুমতি অস্বীকাৰ কৰে যদিও শুকুবাৰে এক নিৰ্দেশ অনুসৰি হাপ্তা কংজেবুং খেলপথাৰত অনুমতি প্ৰদান কৰা হয় কিন্তু যাত্ৰাৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰে ।
উল্লেখ্য য়ে, কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মুখ্য সচিব বিনীত যোশী, ডিজিপি ৰাজীৱ সিং আৰু ইম্ফল ইষ্টৰ ডিচি আৰু এছপিৰ ওচৰলৈ গৈছিল আৰু ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত আলোচনা কৰিছিল আৰু এই ক্ষেত্ৰত কেৱল মাত্ৰ ১০০০ জন অংশগ্ৰহণকাৰীৰ অনুমতি প্ৰদান কৰে(Bharat Jodo Nyay Yatra to begin from private ground in Manipur’s Thoubal)।
ইফালে কংগ্ৰেছে যাত্ৰাৰ ফ্লেগ অফ কৰিবলৈ সাজু হৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। ১৪ জানুৱাৰীৰ পৰা মণিপুৰত আৰম্ভ হোৱা এই যাত্ৰাই ১৫খন ৰাজ্যৰ ১১০খন জিলাত ৬৭১৩ কিলোমিটাৰ দৈৰ্ঘ্য অতিক্ৰম কৰাৰ কথা আৰু ২০ মাৰ্চত মুম্বাইত শিখৰত উপনীত হ’ব।
লগতে পঢ়ক :ED again summons Delhi CM Arvind Kejriwal : চতুৰ্থবাৰলৈ অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন