Local, Vocal, Global

Congress to hold CWC meeting on Dec 21 to strategise for 2024 polls : ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিশেষ বৈঠক

নেশ্যনেল ডেস্ক, ১৮ডিচেম্বৰ : কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিশেষ বৈঠক । ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠকখন । বৈঠক অনুষ্ঠিত হ’ব চাৰি ৰাজ্যৰ বিধানসভাৰ পৰাজয়ৰ কাৰণৰ ওপৰত আলোচনা কৰা হ’ব(Congress to hold CWC meeting on Dec 21 to strategise for 2024 polls) ।

উল্লেখ্য যে, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানক লৈ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন বিশেষ বৈঠক আহ্বান কৰিছে দলটোৰ নেতৃত্বই ৷ সমাগত লোকসভা নিৰ্বাচন । লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে চাৰি ৰাজ্যত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ মন্থন কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে আঁসোৱাহসমূহ দূৰ কৰিব বিচাৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই(Congress to hold CWC meeting to strategise for 2024 polls on Dec 21) ৷

জানিব পৰা মতে, এই বৈঠকতে আগন্তুক লোকসভা নিৰ্বাচনত দলটোৰ ৰণকৌশল সম্পৰ্কে আলোচনা কৰা হ’ব ৷ এ আই চি চি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত । এই বৈঠকত উপস্থিত থাকিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধীকে ধৰি আন কেইবাজনো দলৰ শীৰ্ষ নেতা ৷

উক্ত বৈঠকতে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু মিজোৰামত শেহতীয়াকৈ দলটোৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ আৰু কিছু কামৰ সংশোধনৰ লগতে ‘২০২৪ত বিজেপিক পৰাভূত কৰিবলৈ হ’লে ৰাইজ মাজলৈ কি বাৰ্তা লৈ যোৱা হ’ব সেই সন্দৰ্ভত বৈঠকতে বিশ্লেষণ কৰাৰ সম্ভাৱনা আছে ৷লগতে এই বৈঠক আলোচনা কৰা হ’ব নিবনুৱাৰ সমস্যা আৰু মূল্যবৃদ্ধিকলৈও ৰাহুল গান্ধীয়ে পূবৰ পৰা পশ্চিমলৈ পুনৰ এক যাত্ৰা কৰাৰ সন্দৰ্ভতো ৷

আনহাতে, কংগ্ৰেছৰ চি ডব্লিউ চি বৈঠকৰ পূৰ্বে ১৯ ডিচেম্বৰত নতুন দিল্লীত I.N.D.I.A মিত্ৰজোঁটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব ৷ এই দুয়োখন বৈঠকে কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক : Former Arunachal MLA Shot Dead By Suspected Militants : অৰুণাচলৰ অৰণ্যৰ মাজত বিজেপি নেতাক গুলীয়াই হত্যা