Congress to Hold ‘Bharat Nyay Yatra’ from Manipur to Mumbai : ১৪ জানুৱাৰীৰ পৰা কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা; মণিপুৰৰ পৰা মুম্বাইলৈ এই যাত্ৰা
নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : এইবাৰ পূবৰ পৰা পশ্চিমলৈ যাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কংগ্ৰেছৰ নতুন যাত্ৰা আৰু ২০ মাৰ্চত সমাপ্ত হ’ব । বুধবাৰে এই কথা ঘোষণা কৰে কংগ্ৰেছে । মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা(Cong to Hold ‘Bharat Nyay Yatra’ Starting Jan 14 from Manipur TO Mumbai) ।
এআইচিচিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপালে জনোৱা মতে,১৪ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ যাত্ৰা ২০ মাৰ্চত মুম্বাইত সমাপ্ত হ’ব বুলি আশা কৰা হৈছে। ৰাহুল গান্ধীয়ে এই যাত্ৰাত যুৱ, মহিলা আৰু উপেক্ষিত লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব বুলি আশা কৰা হৈছে ।
কংগ্ৰেছৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, এই ন্যায় যাত্ৰাই ৬,২০০ কিলোমিটাৰ সামৰিব । মণিপুৰ, নাগালেণ্ড, অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু শেষত মহাৰাষ্ট্ৰৰ মাজেৰে পথ পৰিক্ৰম অতিক্ৰম কৰিব ।এই যাত্ৰাটোৱে ১৪ খন ৰাজ্য আৰু ৮৫ খন জিলাক সামৰি ল’ব(6,200 km, 14 States, 85 Districts ) ।
দিল্লীত এক সংবাদমেলত কংগ্ৰেছৰ সাংগঠনিক সম্পাদক কে চি বেণুগোপালে কয়, “মণিপুৰৰ পৰা মুম্বাইলৈ ১৪ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈ আৰম্ভ হ’ব ভাৰত ন্যায় যাত্ৰা । বৰ্তমান ৰাহুল গান্ধীয়ে প্ৰথম ভাৰত জোড়ো যাত্ৰাৰ পৰা লাভ কৰা মহান অভিজ্ঞতাৰে আগবাঢ়ি আছে । তেওঁ যুৱ, মহিলা আৰু দুৰ্বল লোকসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ গৈ আছে। এই যাত্ৰাই ৬,২০০ কিলোমিটাৰ সামৰি ল’ব । এইবাৰ যাত্ৰাটো বাছেৰে সম্পন্ন কৰিব আৰু নেতাসকলে যাত্ৰাপথৰ কিছু অংশ খোজকাঢ়ি অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে (Rahul Gandhi to undertake Manipur to Mumbai Bharat Nyay Yatra from January 14)।”
বেণুগোপালে লগতে কয় , ২১ ডিচেম্বৰত কংগ্ৰেছ কৰ্মীসকলে মতামত প্ৰকাশ কৰিছিল যে ৰাহুল গান্ধীয়ে পূবৰ পৰা পশ্চিমলৈ যাত্ৰা আৰম্ভ কৰিব লাগে । ৰাহুল গান্ধীয়েও চিডব্লিউচিৰ ইচ্ছা পূৰণ কৰিবলৈ সন্মত হৈছিল ।” কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ১৪ খন ৰাজ্য আৰু ৮৫ খন জিলাক অতিক্ৰম কৰিবলগা যাত্ৰাৰ ফ্লেগ অফ কৰিব । এই যাত্ৰাই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰো বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে(Congress to Hold ‘Bharat Nyay Yatra’ from Manipur to Mumbai) ।
লগতে পঢ়ক : Suspected IED Recovered on Srinagar Baramulla Highway : শ্ৰীনগৰ বাৰামুল্লা ঘাইপথত উদ্ধাৰ সন্দেহযুক্ত আই ই ডি