Local, Vocal, Global

গুৱাহাটী পৌৰনিগম নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা

নিউজ ডেস্ক,২৭ মাৰ্চঃ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ। নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছ দলে।

মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত এই তালিকাখনত ৫৫টা ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে। বাকী ৫টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰেই ঘোষণা কৰিব বুলি জনাইছে দলটোৱে।

১,২২, ২৬,৩০ আৰু ৫৯ নম্বৰ ৱাৰ্ডৰ বাবে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ তালিকা। মুঠ ৬০ টা ৱাৰ্ডৰ ৫০% আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে। আগন্তুক ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচন।

উল্লেখ্য যে পৌৰ নিগমৰ মনোনয়ন দাখিলৰ দিন ৩০ মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন ৪ এপ্ৰিল।