Local, Vocal, Global

অসমৰ মাটিত আঁৰিলে অৰুণাচলী চাইনবৰ্ড, চাইনব’ৰ্ড আঁতৰালে গুলীয়াই মৰাৰ ভাবুকি অৰুণাচলীৰ

নিউজ ডেস্ক,২৭ মাৰ্চঃ অসম অৰুণাচল সীমান্তত পুনৰ অৰুণাচলীৰ আগ্ৰাসন। হেলেমৰ চিংলীজান সংৰক্ষিত বনাঞ্চলত ঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে অৰুণাচলীয়ে। এতিয়া শংকিত হৈ পৰিছে চিংলীজান তথা অসম-অৰুণাচল সীমান্তৰ লোকসকল।

উল্লেখ্য যে, অসমৰ চিংলীজান বনাঞ্চলৰ হেলেম চাপৰি, দুলুংমুখ, চিৰাজুলী আদি ঠাইত অৰুণাচলী লোকে টিনৰ চাইনব’ৰ্ড য’তে ততে আঁৰি বে-দখল অব্যাহত ৰাখিছে।

গছ-গছনিত আঁৰি থোৱা উক্ত চাইনউ’ৰ্ড আঁতৰালে গুলিয়াই দিয়াৰো ভাবুকি দিছে স্থানীয় লোকক।

তদুপৰি বনাঞ্চলত পহৰা দি অহা অসমৰ বনকৰ্মীসকলকো বিভিন্ন সময়ত অৰুণাচলীয়ে দাবী ধমক দি আহিছে বুলি জানিব পৰা গৈছে।