Congress releases list of candidates : ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কংগ্ৰেছ দলৰ
নিউজ ডেস্ক, ২১অক্টোবৰ : কংগ্ৰেছ দলৰ আন এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ । ৰাজস্থান কংগ্ৰেছৰ দলৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ ।
সমাগত ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এইবছৰতে দেশৰ অনুষ্ঠিত হ’ব ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এই বছৰতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত অনুষ্ঠিত হ’ব নিৰ্বাচন(Congress releases list of candidates) ।
আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে(Upcoming election 2023) ।
দেওবাৰে কংগ্ৰেছ দলে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । কংগ্ৰেছ দলে দেওবাৰে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে ১৪৪ জনীয়া প্ৰাৰ্থী নাম ঘোষণা কৰিছে । কংগ্ৰেছ দলে ছত্তীশগড় নিৰ্বাচনৰ বাবে ৩০ জনীয়া আৰু তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে ৫৫ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।লগতে সোমবাৰে কংগ্ৰেছ দলে মিজোৰাম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে । কংগ্ৰেছ দলে সোমবাৰে মিজোৰাম নিৰ্বাচনৰ বাবে ৩৯ জনীয়া প্ৰাৰ্থী নাম ঘোষণা কৰে( Congress on October 21 released its list of candidates for the upcoming Assembly polls) ।
আজি ভাৰতীয় জাতীয় কংগ্ৰেছে আন এখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। কংগ্ৰেছে আগন্তুক ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন ৩৩জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।
উল্লেখ্য যে,এইবাৰ সদৰপুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী অশোক গেহলট, টংকৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব শচীন পাইলট, নাথদ্বাৰাৰ পৰা চি পি যোশী, ওছিয়ানৰ পৰা দিব্য মাদেৰ্না, লচ্মনগড়ৰ পৰা গোবিন্দ সিং দোটাছাৰা, কৃষ্ণ পুনিয়া সদুলপুৰ।ইফালে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজস্থানৰ পৰা ৮৩ গৰাকী প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰে।
লগতে পঢ়ক : Telangana Assembly polls : বিজেপিৰ আন এখন বিধানসভা নিৰ্বাচনৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা