ছোনিয়া গান্ধীক ED এ জেৰা কৰাক লৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

নিউজ ডেক্স,২১ জুলাই : কংগ্ৰেছৰ অধ্য়ক্ষা ছোনিয়া গান্ধীক National Herald গোচৰত ED এ জেৰা কৰাক লৈ দেশৰ লগতে সমগ্ৰ ৰাজ্য জুৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
ৰাজীৱ ভৱনত লগোৱা বেৰিকেডৰ উপৰত উঠি প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰীৰ। আৰক্ষীৰ বেৰিকেড ফালি GS ৰোডত প্ৰতিবাদ অংকিতা দত্তৰ।বেৰিকেডৰ উপৰত উঠি প্ৰতিবাদ সাব্যস্ত ভূপেন বৰাৰও।
ৰাজপথত বাগৰি পৰি প্ৰতিবাদ কৰা অংকিতা দত্তক বাহনত উঠাবলৈ আৰক্ষীৰ হকা-বাধা। আৰক্ষীৰ এনে কাৰ্যক ধিক্কাৰ প্ৰতিবাদকাৰীৰ।
ছোনিয়া গান্ধীক জেৰা কৰাক লৈ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত UPA ৰ সমৰ্থন কৰা যশৱন্ত সিনহাই ও কৰে মন্তব্য।