Congress protest: কংগ্ৰেছ কৰ্মী বুলি ক’লে অসম আৰক্ষীৰ গা-জ্বলে নেকি ?
নিউজ ডেস্ক,২১ডিচেম্বৰ : অসম আৰক্ষীয়ে কেৱল দাতেৰে কামুৰিব হে জানে নেকি ?
দাঁতেৰে কামুৰি আঘাত কৰা প্ৰতিবাদকাৰীৰ লগত কেনেকোৱা ব্যৱহাৰ কৰিলে জানেনে ?প্ৰথমে অসম আৰক্ষীয়ে আৱদ্ধ কৰিলে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানুক। ইয়াৰ পাছতেই পুৱা ১১ বজাৰ পৰা মানৱেন্দ্ৰ শৰ্মা ভৱনৰ পৰা দিছপুৰ অভিমুখে সমদল কৰি ৰাওনা হৈছিল সভাপতি ভুপেন বৰাৰ লগতে কংগ্ৰেছ নেতা-কৰ্মীসকলে। কিন্তু আদবাটতে সষ্টম হৈ আছিল মহানগৰ আৰক্ষী। হাতীগাঁও থানাৰ সন্মুখৰ পৰা আৰক্ষীয়ে আটক কৰে ভূপেন বৰা আৰু ৰিপুণ বৰাক।আটক কৰাৰ পিছতেই ভূপেন বৰাক কাহিলীপাৰাস্থিত দশম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়লৈ লৈ যোৱা হয়। ভূপেন বৰাক আটক কৰি লৈ যোৱাৰ সময়তেই বাহনৰ আগতেই বহি দিয়ে প্ৰতিবাদকাৰীয়ে(Congress protest)।
প্ৰতিবাদৰ সময়ত উত্তাল হৈ পৰে মহানগৰীৰ ৰাজপথ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ টনা-আঁজোৰাত আহত হয় কেইবাগৰাকীও প্ৰতিবাদকাৰী। ইয়াৰ পাছতেই কংগ্ৰেছৰ বহু নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে চোচোৰাই নি বাছত উঠায় প্ৰতিবাদকাৰীক।
কেৱল মহানগৰতে নহয় অসমৰ ভিন্ন প্ৰান্তত কংগ্ৰেছে শ্বহীদ মৃদুল ইছলামৰ শ্ৰদ্ধাঞ্জলীৰ বাবে ওলাই আহিছিল ৰাজপথত। এই দৃশ্য হৈছে দৰঙৰ। দৰঙত মৃদুল ইছলামৰ শ্ৰদ্ধাঞ্জলীৰ বাবে ওলাই অহা কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষীৰ।
হাতীগাঁৱৰ পৰা ভূপেন বৰাক আটক কৰাৰ পাছতেই বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি মহিলা কংগ্ৰেছৰ বহু নেত্ৰীক আৰক্ষীয়ে আটক কৰে।
আৰক্ষীয়ে আটক কৰি দিনটোৱো আৱদ্ধ কৰি ৰাখে হকী ষ্ঠেডিয়ামত । দিনটোৰ শেষত মেডিকেল হেল্ত চেকআপৰ কাৰণে সকলোকে নিয়া হৈছিল খানাপাৰাৰ হেল্ত চিটি চিকিসালয়ত। হেল্ত চিটি চিকিসালয়ত নিয়াৰ সময়তেই অসুস্ত হৈ পৰে দৰং জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰিজুমণি তালুকদাৰ ।চিকিসকে ততাতৈয়াকৈ দৰৱ আনিবলৈ দিয়ে কিন্তু মানৱতা নথকা অসম আৰক্ষীৰ সময় নহল দৰৱ অনাৰ। অসুস্ত কংগ্ৰেছ নেত্ৰী গৰাকীৰ লগত অসম আৰক্ষীৰ ব্যৱহাৰক লৈ এতিয়া প্ৰশ্ন উত্তাপন হৈছে।
লগতে পঢ়ক :Massive fire breaks out in Dhemaji:বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ১৩টাকৈ বাসগৃহসহ কাপোৰৰ গুদাম