Local, Vocal, Global

Congress names four candidates for Assam bypolls : জল্পনা কল্পনাৰ অন্ত! ৪ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

নিউজ ডেস্ক,২১অক্টোবৰ: ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ । ৫ সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ।

অসমৰ পাঁচটা সমষ্টি ক্ৰমে বিহালী, চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।

ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছ। আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা ৷ দেওবাৰে AICC য়ে ঘোষণা কৰিছে আগন্তুক বিধানসভা উপ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ৪টা সমষ্টিত কংগ্ৰেছে চূড়ান্ত কৰিলে প্ৰাৰ্থীৰ নাম।প্ৰাৰ্থিত্ব ঘোষণা কৰা সমষ্টি কেইটা হৈছে চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁও(Congress names four candidates for Assam bypolls)৷

চাৰিটা সমষ্টিত ক্ৰমে কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে ধলাই সমষ্টিৰ পৰা দলে প্ৰাৰ্থীত্ব প্ৰদান ধ্ৰুবজ্যোতি পুৰকায়স্থক। ছিদলী সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰ্লে,বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী হব ব্ৰজেনজিৎ সিনহা। সমান্তৰালকৈ চামগুৰিৰ পৰা পিতৃ ৰকিবুল হুছেইনৰ অনিচ্ছা সত্বেও দলে প্ৰাৰ্থীত্ব দিয়ে টানজিল হুছেইনক(Congress names four candidates for Assam bypolls)।

কিন্তু এতিয়ালৈকে বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ একমতত উপনীত হ’ব পৰা নাই কংগ্ৰেছৰ লগতে বিৰোধী শিবিৰ ৷ বিহালী সমষ্টিক লৈ বিৰোধী শিবিৰত এতিয়াও জল্পনা-কল্পনা অব্যাহত আছে ৷

লগতে পঢ়ক :Bye-elections in Samaguri constituency : ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ;উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁৱত প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি