Local, Vocal, Global

Congress Member Mridul Islam : মৃদুল ইছলামৰ মৃত্যু পৰিকল্পিত হত্য়া কাণ্ড আছিল নেকি?

নিউজ ডেস্ক,১৯ডিচেম্বৰ : মৃদুল ইছলামৰ মৃত্যু পৰিকল্পিত হত্য়া কাণ্ড আছিল নেকি?কন্দুৱা গেছ মানুহক মাৰিবৰ বাবে দিয়া হৈছিল !কিয় আৰক্ষীয়ে এবাৰো মাইকত কোৱা নাছিল কন্দুৱা গেছ নিক্ষেপণ কৰাৰ কথা ?মৃদুল ইছলামৰ হত্য়াকাণ্ডত বিজেপি জড়িত !বিজেপিয়ে আৰক্ষীক হাথিয়াৰ হিচাপে ব্য়ৱহাৰ কৰিছে !

বুধবাৰে মহানগৰীৰ ৰাজপথ কঁপাই তুলিছিল,কংগ্ৰেছৰ ”ৰাজভৱন চলো’ কাৰ্যসূচীয়ে।ইয়াৰ লক্ষ্য় আছিল ‘আদানী,স্মাৰ্ট মিটাৰ,এক দেশ এক নিৰ্বাচন আদিৰ বিৰোধীতা !মুঠৰ ওপৰত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ।ৰাজ্য়ত জনসাধাৰণে স্মাৰ্ট ।

মিটাৰক লৈ যি জীয়াতু ভুগিছে ,তাক লৈ অসম প্ৰদেশ কংগ্ৰেছ সৰৱ হৈ পৰিছিল আৰু ৰাজপথত উলিয়াইছিল প্ৰতিবাদি কাৰ্যসূচী । ৰাজনীতিৰ নিয়ম অনুসৰি শাসনাধিষ্ঠিত চৰকাৰৰ কাম-কাজত বিৰোধী অসন্তুষ্ট হ’লে
গণতান্ত্ৰিক প্ৰতিবাদ সাৱ্যস্ত কৰা হয় আৰু সেয়াই কৰিছিল কংগ্ৰেছে(Congress Member Mridul Islam)।

অসমৰ আটাইতকৈ শক্তিশালী বিৰোধী হৈছে কংগ্ৰেছ। চৰকাৰক সোঁৱৰাই দি বিৰোধী দলে প্ৰতিবাদ কৰিছিল। স্মাৰ্ট মিটাৰ মণিপুৰৰ হিংসা, এক দেশ, এক নিৰ্বাচন, আদানী কাণ্ডকে ধৰি কেইবাটাও প্ৰসংগৰে প্ৰদেশ কংগ্ৰেছে ৰাজভৱন চলো কাৰ্যসুচী কৰিছিল। ইমানলৈকে ঠিকেই আছিল । কিন্তু হঠাত আৰক্ষীয়ে কোনোধৰণৰ আগজাননী নিদিয়াকৈ নিক্ষেপ কৰিছিল কন্দুৱা গেছ। কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতেই পৰিস্থিতি ভয়াৱহ হৈ পৰে। প্ৰতিবাদকাৰীৰ মাজত থকা এইজন অধিবক্তা মৃদুল ইছলামৰ সংকটজনক হৈ পৰে আৰু চিকিসালয়ত মৃত্যু হয়।

সমান্তৰালকৈ আঘাতপ্ৰাপ্ত হ’ল প্ৰতিবাদী কাৰ্য্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীও। ঘটনা কেৱল ইমানেই নহয় বেৰিকেট অতিক্ৰমী প্ৰতিবাদ কৰিবলৈ আগুৱাই যোৱা কংগ্ৰেছ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাকো আটক কৰে আৰক্ষীয়ে। ৰাজ্যজুৰি অসম আৰক্ষীক ধিক্কাৰ দিছে সাধাৰণ জনতাই।বিজেপিৰ কথাত উঠা বহা কৰা আৰক্ষীৰ কাণ্ডক লৈ চৰ্চা চলিছে

আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ আগত পানী কিয় নিক্ষেপ নকৰিলে । পানী নিক্ষেপ কৰাৰ পাছত হে কন্দুৱা গেছ নিক্ষেপ কৰিব লাগিছিল। আৰক্ষীৰ বাহুৱলীৰ ফলত আজি আমাৰ মাজত পৰা হেৰাই গল অধিবক্তা মৃদুল ইছলাম। আৰু এইয়া আজিৰ দৃশ্য। হাজাৰ হাজাৰ জনতা ওলাই আহিছে মৃদুল ইছলামৰ জানাজাত। জানাজা সম্পন্ন হোৱাৰ পাছতেই মৃদুল ইছলামৰ বাসগৃহৰ পৰাই গৰজি উঠিছে কংগ্ৰেছে ।

লগতে পঢ়ক :Barpeta News:৩ নৱেম্বৰৰ পৰা সন্ধানহীন বৰপেটাৰ ভেল্লা গাঁৱৰ তালেব আলী