Congress Likely to Launch Bharat Jodo Yatra 2.0 : ২০২৪ ৰ আৰম্ভণিতে কংগ্ৰেছে পুনৰ আৰম্ভ কৰিব ‘ভাৰত জোড়ো যাত্ৰা’

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : সাজু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী । পুনৰ আৰম্ভ হ’ব ‘ভাৰত জোড়ো যাত্ৰা’ । ২০২৪ ৰ আৰম্ভণিতে কংগ্ৰেছে পুনৰ আৰম্ভ কৰিব ‘ভাৰত জোড়ো যাত্ৰা’ । কংগ্ৰেছ নেতাগৰাতীয়ে পূবৰ পৰা পশ্চিমলৈ ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰিব(Congress likely to launch Bharat Jodo Yatra 2.0 in January 2024)।
জানিব পৰা মতে, ২০২৪ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা। ২০২৪ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পিছতে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে দ্বিতীয় পৰ্যায়ৰ জনপ্ৰচাৰ সমাৱেশ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে।
ৰাহুল গান্ধীৰ নেতৃত্বত এইবাৰ ভাৰত জোড়ো যাত্ৰা ২.০ হাইব্ৰিড মোডত হ’ব।এই যাত্ৰাত অংশগ্ৰহণকাৰীসকলে খোজকাঢ়ি যাত্ৰা কৰাৰ লগতে বাহন ব্যৱহাৰ কৰিব।
সূত্ৰ অনুসৰি এই যাত্ৰাৰ বাবে দুটা পথ অন্বেষণ কৰা হৈছে। যদি চূড়ান্ত হয় তেন্তে উত্তৰ-পূবৰ এখন ৰাজ্যৰ পৰা আৰম্ভ হ’ব ‘ভাৰত জোড়ো যাত্ৰা’।
উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ দৰে অৱশ্যে ‘ভাৰত জোড়ো যাত্ৰা ২.০’ সম্পূৰ্ণ পদযাত্ৰাৰ নহ’ব। এইবাৰৰ ‘ভাৰত জোড়ো যাত্ৰা’ পথৰ কোনো স্থানত হয় যদিও আন কোনো স্থানত বাহনেৰে এই যাত্ৰা কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে। তাৰ মাজতে অৱশ্যে ঠায়ে ঠায়ে সৰু, ডাঙৰ কেইবাখনো জনসভাও সম্বোধন কৰিব ৰাহুল গান্ধীয়ে(Rahul Gandhi’s Bharat Jodo Yatra 2.0 likely in January 2024 before Lok Sabha polls)।
২১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছ ৱৰ্কিং গ্ৰুপৰ বৈঠকৰ সময়ত এই প্ৰস্তাৱিত যাত্ৰাৰ বিষয়ে আলোচনা আৰু সমৰ্থন কৰাৰ সম্ভাৱনা আছে।২০২২ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম পৰ্যায়ত প্ৰায় ৪০৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ২০২৩ চনৰ জানুৱাৰী মাহত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সামৰণি পৰে। ১২খন ৰাজ্যৰ ৭৫খন জিলাৰ মাজেৰে পাৰ হৈ যায় ১২৬ দিনত ভাৰতৰ আটাইতকৈ দীঘলীয়া পদযাত্ৰা।
যাত্ৰাৰ নেতৃত্বত ৰাহুল গান্ধীক লৈ কংগ্ৰেছে প্ৰচাৰ কৰা এই গণ আন্দোলনৰ প্ৰধান উদ্দেশ্য আছিল কেন্দ্ৰত শাসকীয় বিজেপিৰ বিভাজনকাৰী ৰাজনীতিৰ বিৰুদ্ধে ভাৰতক একত্ৰিত কৰা। ইয়াৰ লক্ষ্য আছিল অন্যান্য আৰ্থ-সামাজিক সমস্যা যেনে নিবনুৱা সমস্যা আৰু বৈষম্যৰ সমাধান কৰা(Congress Likely to Launch Bharat Jodo Yatra 2.0 in January 2024)।
অহা ২৮ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস। সেই দিনাই নাগপুৰত এই জনসভা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে গান্ধী পৰিয়ালৰ তিনি সদস্য ক্ৰমে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও এই সভাত অংশগ্ৰহণ কৰিব।