Local, Vocal, Global

Congress Joining program: মাজুলীত বিজেপিৰ ব্যাপক খহনীয়া

নিউজ ডেস্ক, ২অক্টোবৰ : বিজেপিত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে বিজেপিত দেখা দিছে খহনীয়তাই । এইবাৰ বিজেপি এৰি অৰ্ধ শতাধিক লোক যোগদান কৰিলে কংগ্ৰেছত(Congress Joining program) ।

এইবাৰ মাজুলীত বিজেপিৰ খহনীয়া । প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ সমষ্টিত দেখা দিলে খহনীয়াতাই । গড়মূৰ ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী । এই কাৰ্যসূচীত যোগদান শ শ বিজেপিৰ কৰ্মীৰ ।

উল্লেখ্য যে, বিজেপিৰ দুৰ্গ খ্যাত গড়মূৰ পঞ্চায়ত ত্যাগ কৰি ২৫ গৰাকী বিজেপি কর্মী আৰু আন দলৰ ২৫ গৰাকী লোকে যোগদান কৰিলে কংগ্ৰেছ দলত । গড়মূৰ মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত, মাজুলী জিলা কংগ্ৰেছৰ সহযোগত গড়মূৰস্থিত ৰাজীৱ ভৱনত গড়মূৰ মণ্ডল কংগ্ৰেছৰ এক বুথ পর্যালোচনা সভা আৰু যোগদান কাৰ্যসূচীত বিজেপি আৰু অন্যান্য দলৰ পৰা কেইবাশ লোকে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি কোষেশ্বৰ বৰাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে(Several BJP workers of Garmur Panchayat Joined Congress in Majuli) ।

যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক বিষ্ণু কমল পায়েং ৷

বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত I.N.D.I.A. নেতৃত্বাধীন কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰে পায়েঙে । সভাত জিলা সভাপতি কোষেশ্বৰ বৰাই কংগ্ৰেছত যোগদান কৰা নৱাগতসকলক আদৰণি জনাই অনাগত দিনত শক্তিশালী ৰূপে দলৰ কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় ।

গড়মূৰস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই সভাত ১০ টা বাৰ্ডৰ সভাপতিসকলৰ লগতে দুই শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে । বিজেপি এৰি কংগ্ৰেছ দলত যোগদানৰ খবৰে বিজেপি দলটোক স্বাভাৱিকতেই অস্বস্তিত পেলাব বুলি চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :PM Narendra Modi in Rajasthan: সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ চিত্তৰগড়ত ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প উন্মোচন কৰে