Congress issues show cause notice to Kamalakhya Dey Purkayastha : কমলাক্ষ দে পুৰকায়স্থলৈ প্ৰদেশ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : কমলাক্ষ দে পুৰকায়স্থলৈ প্ৰদেশ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জাৰি কৰিলে জাননী ।
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পদ ত্যাগ কৰাৰ পাছতে কমলাক্ষ দে পুৰকায়স্থ লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।বিজেপি নেতৃত্বাধীন চৰকাৰক সমৰ্থন জনোৱাৰ বাবেই এই জাননী জাৰে কৰে APCC ৰ সভাপতিগৰাকীয়ে(Congress issues show cause notice to Kamalakhya Dey Purkayastha) ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি, “এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ দৃষ্টিগোচৰ হৈছে যে আপুনি উন্নয়নৰ বিষয়ত ৰাজ্যিক বিজেপি চৰকাৰক আপোনাৰ সমৰ্থন আগবঢ়োৱা সংবাদ মাধ্যমৰ আগত বিবৃতি দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আপোনাৰ বিশ্বাস আৰু আনুগত্য ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে(Congress MLA Kamalakhya Dey Purkayastha resigns from the post of party’s working president)।
প্ৰদেশ কংগ্ৰেছে লক্ষ্য কৰিছিল যে, আপুনি বিজেপি চৰকাৰৰ ব্যাপক দুৰ্নীতি, ভূমি কেলেংকাৰী, চুপাৰী চিণ্ডিকেট আৰু বহুতো বিষয়ৰ বিৰুদ্ধে মাত মাতিছিল। যি সময়ত আপুনি বিজেপি চৰকাৰক সমৰ্থন জনোৱাৰ বাবে মুকলিকৈ প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জানিব বিচাৰে যে, আপুনি প্ৰদান কৰা ভাষ্য আৰু অন্যান্য আপত্তিজনক বিষয়বোৰ সমৰ্থন কৰিব নে নাই।”
ইয়াৰোপৰি জাননীখনত উল্লেখ কৰে যে, কমলাক্ষ দে পুৰকায়স্থৰ কাৰ্যকলাপে দলীয় কৰ্মীসকলৰ মনত ভুল ধাৰণাৰ সৃষ্টি কৰিছে। যিয়ে কংগ্ৰেছ দলৰ ভাবমূৰ্তি কলুষিত কৰিব পাৰে।
এনোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰে।লগতে এদিনৰ ভিতৰত কমলাক্ষ দে পুৰকায়স্থৰ স্থিতি আৰু অভিপ্ৰায় স্পষ্ট কৰিবলৈ নেতৃত্বই আহ্বান জনায়(Kamalakhya Dey Purkayastha resigns as Congress working president)।