Congress begins Rajasthan campaign : ৰাজস্থানত আজিৰে পৰা কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সভা

নেশ্যনেল ডেস্ক, ১৬অক্টোবৰ : দেশত পাঁচখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন । এই বছৰতে পাঁচখন ৰাজ্যত অনুষ্ঠিত হয় নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী । নিৰ্বাচনৰ বাবে ইতিমধ্য়ে প্ৰস্তুতি আৰম্ভ কৰিছে শাসক-বিৰোধীৰ মাজত(Congress begins Rajasthan campaign) ।
নিৰ্বাচন প্ৰচাৰৰ মাজতে শাসক-বিৰোধীৰ মাজত অব্যাহত আছে ৰাজনৈতিক যুদ্ধ । দেওবাৰে কংগ্ৰেছ দলৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে সোমবাৰ অৰ্থাৎ ১৬ ছেপ্টেম্বৰৰ পৰা মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰৰ আৰম্ভ কৰিব কংগ্ৰেছে । আজিৰে পৰা কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ সভা(Rajasthan Election 2023) ।
আজিৰে পৰা কংগ্ৰেছ দলে হাডোটিৰ বৰাণ জিলাৰ পৰা আৰম্ভ কৰিছে এই কাৰ্যসূচীৰ ।
খবৰ অনুসৰি, বৰাণ জিলাৰ দোল মেলা খেলপথাৰত অনুষ্ঠিত হ’ব কংগ্ৰছৰ বিশাল জনসভা । এই সভাত ৰাজস্থান খাল প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ভাষণ প্ৰদান কৰিব । এই ৰাজহুৱা সভাত মল্লিকাৰ্জুন খাৰ্গেৰ লগতে মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাছৰা, ৰাজ্যিক প্ৰভাৰী সুখজিন্দৰ সিং ৰন্ধাৱা আৰু পূৱ ৰাজস্থানৰ কংগ্ৰেছ নেতাসকল উপস্থিত থাকিব । লগতে এই জনসভাৰ জৰিয়তে কংগ্ৰেছ দলে পূৱ ৰাজস্থান খাল প্ৰকল্প সন্দৰ্ভত জনসাধাৰণৰ মাজত এক জন সজাগতা অভিযান চলাব বুলি জানিব পৰা গৈছে ৷
আনহাতে ,অহা ২০ অক্টোবৰত দৌছা জিলাৰ ছিক্ৰাই বিধানসভাত অনুষ্ঠিত হ’ব এখন বিশাল পৰিসৰৰ ৰাজহুৱা সভা । ২০ অক্টোবৰত ছিক্ৰাইত অনুষ্ঠিত হ’বলগীয়া প্ৰিয়ংকা গান্ধীৰ বৈঠকত উপস্থিত থাকিব পাইলট ।
উল্লেখ্য যে ৰাজস্থানৰ কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলৰ এতিয়া দৃষ্টি নিৱদ্ধ সমগ্ৰ টিকটৰ ওপৰত । সকলোৰে দৃষ্টি ১৮ অক্টোবৰত দিল্লীত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকৰ পিছত হ’বলগীয়া টিকট বিতৰণৰ ওপৰত । এতিয়া ইয়াকে লৈ চৰ্চা চলিছে ৰাজনৈতিক মহলত ।
ইফালে পূৱ ৰাজস্থান খাল প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছৰ কাৰ্যসূচীৰ দায়িত্ব স্থানীয় নেতাসকলৰ ওপৰত ন্যস্ত কৰা হৈছে, কেৱল ১৬ অক্টোবৰত মল্লিকাৰ্জুন খৰ্গে আৰু ২০ অক্টোবৰত প্ৰিয়ংকা গান্ধীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । বাকী ৩ দিনত স্থানীয় নেতাৰ নেতৃত্বত পূৱ ৰাজস্থান খাল প্ৰকল্পৰ বাবে জনজাগৰণ অভিযান চলিব ৷ অৱশ্যে এইসকলেও পূব ৰাজস্থান খাল প্ৰকল্পতকৈ টিকটৰ ওপৰত অধিক দৃষ্টি ৰাখিব বুলি চৰ্চা চলিছে ।