Congress Announces List of Candidates from Assam for Lok Sabha Polls : ঘোষণা হ’ল কংগ্ৰেছ প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা;অসমৰ ১২ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা
নিউজ ডেস্ক, ১২ মাৰ্চ : ঘোষণা হ’ল কংগ্ৰেছ প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা। নতুন দিল্লীত আজি কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিলে তালিকা। সংবাদমেল যোগে প্ৰাৰ্থিত্ব ঘোষণা কৰিলে AICCৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল ৰাৱে। ঘোষণা কৰিলে অসমৰ ১২ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম(Congress Announces List of Candidates from Assam for Lok Sabha Polls) ।
এই তালিকা অনুসৰি যোৰহাটত গৌৰৱ গগৈ
নগাঁৱত প্ৰদ্যুৎ বৰদলৈ
কোকৰাঝাৰত গৰ্জন মুছাহাৰী
বৰপেটাত দ্বীপ বায়ন
দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী
গুৱাহাটীত মীৰা বৰঠাকুৰ
ডিফুত জয়ৰাম ইংলেং
কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰী
শিলচৰত সূৰ্য্য কুমাৰ সৰকাৰ
কাজিৰঙাত ৰ’জলীনা তিৰ্কী
শোণিতপুৰত প্ৰেমলাল গুঞ্জু
ধুবুৰীত ৰকিবুল হুছেইনক প্ৰাৰ্থীত্ব
ইয়াৰ পূৰ্বে ৮ মাৰ্চত কংগ্ৰেছে ঘোষণা কৰিছিল প্ৰথমখন প্ৰাৰ্থী তালিকা।