মূল্যবৃদ্ধিৰ বিৰূদ্ধে ধুবুৰীত কংগ্ৰেছৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

খাদ্য সামগ্ৰী, পেট্ৰ’ল–ডিজলকে ধৰি ৰন্ধন গেছৰ অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ বিৰূদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে আজি ধুবুৰীতো জিলা কংগ্ৰেছৰ উদ্যোগত দুঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হয়। ধুবুৰীস্থিত ৰাজীৱ ভৱনৰ সন্মুখৰ ৰাজপথত আয়োজিত সেই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ নেতা–কৰ্মীসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ডলৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ধৰ্মঘট থলী উত্তাল কৰি তোলে।