Local, Vocal, Global

এবছৰীয়া এজন শিশুৱে উপাৰ্জন কৰে ৭৫,০০০ টকা

বয়স মাত্ৰ ১ বছৰ । এবছৰীয়া শিশুজনে উপাৰ্জন কৰে এক হাজাৰ ডলাৰ । ভাৰতীয় মুদ্ৰাত ৭৫,০০০ টকা । ইনষ্টাগ্ৰামত “বেবী ব্ৰিগছ” একাউন্টত দেখা পোৱা হাঁহি থকা শিশুটো এতিয়া পৃথিৱীৰ সকলোতকৈ কম বয়সীয়া “পৰ্যটন উৎসাহী” । শিশুটোৱে বৰ্তমান ৪৫ বাৰ বিমানত উঠিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৬ খন প্ৰদেশ ভ্ৰমণ কৰিছে ।ইতিমধ্যে শিশুজনৰ ৩০,০০০ অনুসৰণকাৰী আছে । শিশুজনৰ মাতৃৰ “পাৰ্ট টাইম টুৰিষ্ট ” নামৰ এটা ব্লগ আছে । যিটো তেওঁ শিশুজনৰ জন্মৰ পিছৰ পৰা চলাই ।