Local, Vocal, Global

WATCH | Congress : BTC ৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছৰ জয় জয়কাৰ

নিউজ ডেস্ক,২২মাৰ্চ : BTC ৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছৰ জয় জয়কাৰ। দুই দশকৰো অধিক কালৰ পাছত বড়োভূমিৰ ৰাজনীতিত সক্ৰিয়তা আৰম্ভ কৰিছে কংগ্ৰেছ দলে।

BTCৰ ৪০ খন আসনতেই এইবাৰ প্ৰাৰ্থী দিব কংগ্ৰেছে। apcc ৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক পৃথিবীৰাজ সাথেৰ মাৰাঠন প্ৰচাৰ অভিযান।

বাক্সা জিলাত কংগ্ৰেছৰ এখন কনফ্ৰেনচ হল মুকলি কৰি অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক পৃথিবীৰাজ সাথে কয় যে কংগ্ৰেছ পাৰ্টীয়ে বহুতক মন্ত্ৰী,বিধায়ক বনালে।
দুটা দশক ধৰি কংগ্ৰেছে BTR এৰি দিছিল BPF ক । কিন্তু দুখৰ বিষয় BPF য়ে কংগ্ৰেছক শেষ কৰিলে BTR ত ।

BTR ত কংগ্ৰছে দলক ৰাইজৰ হৈ কাম কৰিবলৈ সুবিধা দিয়া হোৱা নাছিল। ইয়াৰ বাবে কংগ্ৰেছ কৰ্মী সকলে ৰাইজৰ সেৱাৰ পৰা দুৰত থাকিব লগা হৈছিল। কিন্তু এতিয়াৰে পৰা আৰু এনেকোৱা হব নোৱাৰে। কংগ্ৰেছে BTR ৰ সকলো আসন মিত্ৰ দল বি পিএফক এৰি দিছিল। কিন্তু বিপি এফে বহু কেইখন আসনক জয়লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিছিল(Congress)।

BPF আৰু UPPL উভয় দলেই বিজেপিৰ কথা মতে চলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰে প্ৰমোদ বড়ো আৰু হাগ্ৰামাই । BTR যেনেদৰে উন্নয়ন হব লাগিছিল সেইয়া হোৱা নাই আহিবলগীয়া নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব BTR ত ।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়াত অসম ৰাজ্যিক আমন্ত্ৰণীমূলক টাইকোৱানডো প্ৰতিযোগিতা