অসম পালেহি কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং
কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে ৭ দিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’লহি নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং ।প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰে আলোচনাৰে নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে দেওবাৰে ডিব্ৰুগড় পালে নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং।
প্ৰথমে চাৰিদিনৰ কাৰ্যসূচীৰে এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকী অসমলৈ অহাৰ কথা আছিল যদিও, সেই কাৰ্যসূচী ৭ দিনীয়া কৰা হয় । দেওবাৰে পুৱা ৮.৩০ বজাত দিল্লীৰ পৰা ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈছেহি জীতেন্দ্ৰ সিঙ । কংগ্ৰেছৰ কেইবাখনো দলীয়সভাত অংশ ল’ব প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীয়ে ।
জীতেন্দ্ৰ সিঙে প্ৰথমে অসম প্ৰদেশ কংগ্ৰেছৰ চাহ মজদুৰ বিষয়ববীয়া তথা প্ৰাক্তন সাংসদ-বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ কথা। ইয়াৰপাছতে ডিব্ৰুগড়তে আন এখন দলীয় বৈঠকত মিলিত হ’ব তেওঁ। ডিব্ৰুগড়ৰ পৰা তেওঁ যোৰহাট আৰু নগাঁৱতো কেইবাটাও কাৰ্যসূচীৰে দলটোৰ নেতৃত্বৰ সৈতে পৃথকে পৃথকে মিলিত হ’ব বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ অসম ভ্ৰমণ অতি তাৎপৰ্যপূৰ্ণ।বিগত কিছুদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ মাজত সভাপতিৰ সাল-সলনিক লৈ ব্যাপক চৰ্চা চলি আছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱা বিষয়টোও গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এক পৰিকল্পনাৰে এই শীৰ্ষ নেতাগৰাকীক সকলো দিশ চালিজাৰি চাবলৈ অসমলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।