Local, Vocal, Global

আলু ভূটানৰ, পিঁয়াজ আফগানিস্তানৰ

আলু-পিঁয়াজৰ আকাশলংঘী মূল্যই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক৷ আলুৰ কেজিত ৫০ টকা, পিঁয়াজ হৈছেগৈ কেজিত ৮০ টকা৷ নিত্য-ব্যৱহাৰ্য এই দুবিধ খাদ্য সামগ্ৰীৰ এনে মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে কোনো চকুত লগা পদক্ষেপ নাই চৰকাৰৰ৷ বিৰোধীৰ আক্ৰমণ তথা বিভিন্ন ৰাজ্যৰ নিৰ্বাচনমুখী পৰিৱেশলৈ চাই এইবাৰ আলু-পিঁয়াজত চকু দিছে চৰকাৰে৷ দেৱালীৰ আগে আগে ২৫ হাজাৰ টন পিঁয়াজ আৰু ১০ লক্ষটন আলু আমদানিৰ সিদ্ধান্ত লৈছে গ্ৰাহক সুৰক্ষা মন্ত্ৰী পীয়ূষ গোৱেলে৷ শেহতীয়াকৈ গ্ৰহণ কৰা কৃষি আইনত আলু-পিঁয়াজক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰাৰ পিছতে কাকতালীয়ভাৱে ব্যাপক মূল্যবৃদ্ধি ঘটিল আলু-পিঁয়াজৰ৷ সেয়েহে পৰিস্থিতি চম্ভালি ল’বলৈ ব্যাপক মাত্ৰাত আলু-পিঁয়াজ আমদানীৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷ এই কথাও সৰ্বজনবিদিত যে পিঁয়াজৰ জুই-ছাঁই দামে এসময়ত বিপদত পেলাইছিল অটল বিহাৰী বাজপেয়ীৰ চৰকাৰক৷ পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে বেচৰকাৰী খণ্ডৰ জৰিয়তে ইতিমধ্যে মিচৰ আৰু আফগানিস্তানৰ পৰা ৭ হাজাৰ টন পিঁয়াজ আমদানি কৰা হৈছে৷ ৩১ ডিচেম্বৰপৰ্যন্ত পিঁয়াজৰ মজুতকৰণত ইতিমধ্যে সীমাবদ্ধতা আৰোপ কৰিছে কেন্দ্ৰই৷ পাইকাৰী বিক্ৰেতাই ২৫টন আৰু খুচুৰা বিক্ৰেতাই দুই টনলৈকে পিঁয়াজ মজুত ৰাখিব পাৰিব৷ আনহাতে আলুৰ নাটনি দূৰ কৰিবলৈ তৎকালীনভাৱে ভূটানৰ পৰা ৩০ হাজাৰ টন আলু আমদানিৰ ব্যৱস্থা কৰা হৈছে৷ এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ জানুৱাৰী মাহপৰ্যন্ত আমদানী শুল্ক হ্ৰাস কৰা হৈছে ১০ শতাংশলৈ৷ কেন্দ্ৰীয় চৰকাৰে আলু-পিঁয়াজৰ মূল্য হ্ৰাস কৰি নিৰ্বাচনমুখী ৰাজ্যসমূহত সমালোচনা ৰুধিবৰ চেষ্টা কৰিছে যদিও প্ৰকৃতাৰ্থত বজাৰত কেতিয়া দাম কমে তাৰ কোনো নিশ্চয়তা নাই৷ এনে পৰিস্থিতিত আলু-পিঁয়াজে বাৰুকৈয়ে আউল লগাইছে সাধাৰণ নাগৰিকৰ মাহেকীয়া বাজেটত৷