Local, Vocal, Global

Cong top brass to discuss poll preparedness at CWC meet on Today : আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিশেষ বৈঠক;চাৰি ৰাজ্যত কংগ্ৰেছৰ মুখঠেকেচাৰ কাৰণ বিচাৰি বৈঠক

নেশ্যনেল ডেস্ক, ২১ডিচেম্বৰ : আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিশেষ বৈঠক । ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠকখন । বৈঠকত চাৰি ৰাজ্যৰ বিধানসভাৰ পৰাজয়ৰ কাৰণৰ ওপৰত আলোচনা কৰা হ’ব। কি কাৰণত চাৰিখন ৰাজ্যত কংগ্ৰেছে মুখঠেকেচা খাবলগীয়া হ’ল তাৰ কাৰণ বিচাৰি পাইছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৷ এই বিষয়ৰ ওপৰতে আজিৰ বিশেষ বৈঠকখন অনুষ্ঠিত হ’ব । চাৰিৰাজ্যৰ পৰাজয়ৰ কাৰণ বৰ্ণনা কৰিব সভাপতি খাৰ্গেয়ে(CWC meeting on Thursday) ।

জানিব পৰা মতে, এই বৈঠকতে আগন্তুক লোকসভা নিৰ্বাচনত দলটোৰ ৰণকৌশল সম্পৰ্কে আলোচনা কৰা হ’ব ৷ এ আই চি চি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকত । এই বৈঠকত উপস্থিত থাকিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধীকে ধৰি আন কেইবাজনো দলৰ শীৰ্ষ নেতা ৷

উল্লেখ্য যে , ১৯ ডিচেম্বৰত হৈ যোৱা I.N.D.I.Aৰ বৈঠকৰ সন্দৰ্ভতো আজি অনুষ্ঠিত হ’বলগীয়া চি ডব্লিউ চি বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷ লগতে ‘২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে এক কাৰ্যপন্থাৰ সম্পৰ্কেও চি ডব্লিউ চি বৈঠকত আলোচনা কৰিব বুলিও চৰ্চা লাভ কৰিছে(Cong top brass to discuss poll preparedness at CWC meet on Today) ৷

চি ডব্লিউ চিৰ সদস্য গোলাম আহমেদ মীৰে কয়, ‘‘কংগ্ৰেছৰ মুৰব্বীয়ে শেহতীয়া পাঁচটা বিধানসভা নিৰ্বাচনৰ বিষয়ে চি ডব্লিউ চিক অৱগত কৰাৰ সম্ভাৱনা আছে ৷ যাৰ ভিতৰত চাৰিখন ৰাজ্যত আমি পৰাজিত হৈছিলো ।’’

লগতে চি ডব্লিউ চিৰ সদস্য গোলাম আহমেদ মীৰে কয়, ‘‘যদিও চাৰি ৰাজ্যৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হ’ব তথাপিও মূল লক্ষ্য ‘২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি, মিত্ৰতা আৰু আগন্তুক নিৰ্বাচনৰ ৰণকৌশলৰ ওপৰত আলোচনা হ’ব পাৰে ।”ইফালে ১৯ ডিচেম্বৰত হৈ যোৱা ইণ্ডি মিত্ৰজোঁটৰ বৈঠকৰ পাচত বুধবাৰে সমাজবাদী দলৰ নেতা অখিলেশ যাদৱে দাবী কৰে যে, উত্তৰ প্ৰদশত ৮০ টা সমষ্টিত মিত্ৰজোঁটে দখল কৰিব ৷ কিন্তু আসন ভাগ-বাটোৱাৰ কৰাই নাই, আকাশত চাং পাতিলে ইণ্ডি মিত্ৰজোঁটৰ নেতাই ৷

আজিৰ চি ডব্লিউ চিৰ বৈঠকৰ পাচতে কংগ্ৰেছৰ মুৰব্বীয়ে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, পঞ্জাৱ আৰু দিল্লীৰ দৰে ৰাজ্যত আসন ভাগ-বাটোৱাৰা সম্পৰ্কে ৰাজ্যকেইখনৰ ইণ্ডি মিত্ৰজোঁটৰ দলৰ নেতাসকলৰ সৈতে আলোচনা কৰা হ’ব ৷ বাওঁপন্থী দল, এছ পি আৰু আপৰ দৰে আঞ্চলিক দলসমূহৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক :Karimganj DTO Arrested for Taking Bribe : কৰিমগঞ্জৰ DTO ছাহাব উদ্দিন তাপাদাৰক গ্ৰেপ্তাৰ, উৎকোচ লোৱাৰ অভিযোগত কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ DTO ক