Local, Vocal, Global

কমনৱেলথ গেমছ ২০২২ত ভাগ নলয় Neeraj Chopraই

নিউজ ডেস্ক, ২৬ জুলাই : টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আৰু Ace Javelin Thrower Neeraj Chopraক মঙলবাৰে আগন্তুক কমনৱেলথ গেমছ ২০২২ ৰ পৰা বাহিৰ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ২৮ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া CWG ২০২২ত অংশগ্ৰহণ কৰিবৰ বাবে চোপ্ৰা সম্পূৰ্ণৰূপে ফিট নহয় ।

মন কৰিবলগীয়া যে এই বছৰ কমনৱেলথ গেমছ ইংলেণ্ডৰ বাৰ্মিংহামত আয়োজন কৰা হৈছে।

ভাৰতীয় অলিম্পিক সংস্থাৰ (IOA) সাধাৰণ সম্পাদক ৰাজীৱ মেহতাই কয়, “নীৰজ চোপ্ৰাই কমনৱেলথ খেলৰ পৰা বঞ্চিত হ’ব কিয়নো তেওঁৰ ফিটনেছ ১০০% নহয়।”

Ace Thrower জনে অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ Oregonত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২২ ত ৰূপৰ পদক লাভ কৰিছিল।