Watch | Collection of funds in the name of government schemes: চাপৰৰ ফলিমাৰী- কৃষ্ণকলি গাওঁ পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
গুৱাহাটী: চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। চাপৰৰ ফলিমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ ভয়ংকৰ অভিযোগ।বিজেপি’ৰ পালিনেতা ছাবেদ আলীৰ বিৰুদ্ধে এই অভিযোগ।ফলিমাৰী বজাৰত থকা ছাবেদ আলীৰ দোকানৰ পৰায় এই দালাল ৰাজ চলোৱাৰ অভিযোগ।বিজেপি চৰকাৰৰ দুৰ্নীতি মুক্ত শ্লোগান ধোৱা চাঙত চাপৰৰ ফলিমাৰীত।
চাপৰৰ শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলিমাৰী গাঁৱ পঞ্চায়ত দালাল ৰাজ চলোৱাৰ অভিযোগ।ছাবেদ আলী নামৰ এজন ব্যক্তিয়ে বিভিন্ন চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰাৰ ভয়ংকৰ অভিযোগ। ফলিমাৰী পঞ্চায়তত চলা দালালৰাজৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ। পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।ফলিমাৰী- কৃষ্ণকলি পঞ্চায়তত দালালৰাজ চলোৱা ছাবেদ আলীৰ বিৰুদ্ধে আইনগত ভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় দল সংগঠনৰ লগতে স্থানীয় ৰাইজে।