CM threatened to cancel the visa of gaurav gogoi’s wife: গৌৰৱ গগৈৰ পত্নীৰ VISA বাতিলৰ ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ
গুৱাহাটী:আজিৰ কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল গৌৰৱ গগৈৰ পত্নী বিতৰ্ক। সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে পাকিস্তানী নাগৰিক আলী শ্বেখৰ সৈতে সম্পৰ্ক আছিল গৌৰৱ গগৈৰ পত্নীৰ। ভাৰত আৰু ভাৰত বিৰোধী মন্তব্য কৰিছিল আলী শ্বেখে। পাকিস্তানী নাগৰিক আলী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে ডিজিপিক। আলী শ্বেখক সহায় কৰা ব্যক্তি, সংস্থাৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
দুটাকৈ লোকসভা নিৰ্বাচনত ব্রিটিছ নাগৰিক হৈও প্রচাৰ চলাইছিল এলিজাবেথে। আৰু প্রয়োজনত NIA ও এই সন্দৰ্ভত তদন্ত কৰিব পাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইআৰু আজিৰ কেবিনেটত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে VISAৰ নিয়ম ভংগ কৰাৰো হুংকাৰ মুখ্যমন্ত্ৰীৰ