Local, Vocal, Global

দিছপুৰত পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

মুখ‍্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে জনতা ভৱনত অসমৰ ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। এই মহামাৰীৰ মোকাবিলা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বিষয়াবৰ্গই মুখ‍্যমন্ত্ৰীক অৱগত কৰে।

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ লগতে অসমক দেশৰ ভিতৰতে এক আদৰ্শ ম’ডেল হিচাপে গঢ় দিয়াৰ বাবে বিষয়াবৰ্গৰ মুখ্যমন্ত্ৰীয়ে বিশেষ শলাগ লয়।

সামাজিক সংক্ৰমণ ৰোধ কৰাৰ অৰ্থে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখি অধিক সতৰ্ক হ’বলৈ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। লগতে, ট্ৰাক আৰু শ্ৰমিকসকলৰ গতিবিধি পৰ্যবেক্ষণ কৰাৰ বাবে গুদামবোৰৰ ক্ষেত্ৰতো গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী সোনোৱালে।