Website Design: dastechnologies.in
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰী তেলি কোৱাৰেণ্টাইনত থকাৰ পিছতো যদি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত বাঘজানত ঘূৰি ফুৰিব পাৰে তেন্তে আমাক কিয় মুকলি কৰি দিব নোৱাৰে? এই অভিযোগ ডিগবৈৰ কণ্টেইনমেণ্ট জ’নত আৱদ্ধ ৰাইজৰ৷ কনণ্টেইনমেণ্ট জ’নটোত আৱদ্ধ হৈ থকা শতাধিক পৰিয়ালে বেৰিকেডৰ সন্মুখলৈ ওলাই আহি কণ্টেইনমেণ্ট জ’নটো খুলি দিবলৈ দাবী জনায়৷
২৮ মে’ত সান্ত্বনা দাস নামৰ মহিলাগৰাকীৰ কভিড পজিটিভ পোৱাৰ পিছতে ২৯ মে’ত এলেকাটোত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে৷ কিন্তু পৰৱৰ্তী সময়ত সান্ত্বনা দাসৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহে৷ আৰু এতিয়া ৰাইজে কণ্টেইনমেণ্ট জ’নটো খুলি দিবলৈ প্ৰশাসনক দাবী জনায়৷