Local, Vocal, Global

Watch | CM Sharma has opened up about the context of GunGun Chetia: গুণগুণ চেতিয়াৰ প্ৰসংগক লৈ পোন প্ৰথম বাৰৰ বাবে মুখ খুলিছে মুখ্যমন্ত্ৰী শৰ্মাই

নিউজ ডেস্ক: লখিমপুৰৰ উচ্ছেদ অভিযান এতিয়া অন্ত পৰিল । পিছে অন্ত নপৰিল বিতৰ্কৰ । বিশেষকৈ গুণগুণ চেতিয়া নামৰ যুৱতীগৰাকীৰ পৰিয়ালৰ কঠীয়াতলী মষিমূৰ কৰি পেলোৱাত তেওঁ প্ৰচণ্ড দুখত ফেচবুক লাইভ কৰি দৃশ্যটো প্ৰচাৰ কৰিছিল । তাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

সকলোৱে দুখ প্ৰকাশ কৰিছিল সেই কাৰ্যত । বিশেষকৈ তেওঁলোকে কঠীয়াখিনি তুলিবলৈ দুঘন্টা সময় বিচাৰিও সুফল নাপালে । বহু সময়ত বহু উচ্ছেদ আপুনি হয়তো দেখিছে । উচ্ছেদৰ সময়ত উচ্ছেদিতৰ উচুপনিও হয়তো আপুনি দেখিছে । কিন্তু এইবাৰ উচ্ছেদৰ ছবিখনে পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে । সাধাৰণতে উচ্ছেদৰ সময়ত বুলড’জাৰ চলে বাসগৃহৰ ওপৰত ।

কিন্তু এইবাৰ সীমা চেৰাই গৈ বুলড’জাৰ চলিল কৃষকৰ শস্যৰ ওপৰতো । বছৰটোলৈ বুলি সাজু হোৱা কৃষকৰ কঁকালেৰে যেন চলি গ’ল বুলড’জাৰ । নিমিষতে মোহাৰি পেলালে কৃষকৰ সপোনৰ সেউজীয়া কঠীয়া । প্ৰশাসনৰ বুলড’জাৰৰ পৰা সাৰি নগ’ল লহপহকৈ বাঢ়ি অহা কঠীয়াডৰাও । চকুৰ আগতে কঠীয়াডৰাৰ ওপৰত প্ৰশাসনৰ হাতোৰা পৰাত আবেগিক হৈ গুণগুণ চেতিয়াই ফেচবুক লাইভ কৰি দুখৰ বৰ্ণনা দিছিল । প্ৰশাসনক আৰু এদিনৰ সময় বিচাৰি তেওঁলোকে কাবৌ কৰিছিল ।

পিছে সেয়া অথলে গ’ল । কঠীয়াৰ ওপৰেৰে চলি গল বুলড’জাৰ । চৰম দুখত তেওঁ ফেচবুক লাইভ কৰে । ৰাজ্যজুৰি তীব্ৰ গৰিহনা দিয়ে প্ৰসাশনক। গুণগুণ চেতিয়াৰ ভাইৰেল ভিডিওক লৈ প্ৰথমবাৰৰলৈ মুখ খুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়- ”গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই। এইটো অসত্য কথা। বিৰোধীয়ে ঘটনাটোক লৈ ৰাজনীতি কৰি আছে। কৰিমগঞ্জ, ধুবুৰী, চাপৰ, শিলচৰৰ মানুহ গৈ লখিমপুৰত বহিছে। আমি লখিমপুৰৰ ৰাইজৰ অসমিতা আৰু স্বতন্ত্ৰতা ৰক্ষা কৰিবলৈ উচ্ছেদ কৰিছোঁ। ” মুখ্যমন্ত্ৰী গৰাকী আৰু কয় ৩৫০ বাংলাদেশী খেদিব যাওঁতে আমাৰ মানুহৰ গাত খুন্দা এটা লাগিলে সহ্য নকৰিম নেকি? অসম আন্দোলনত বিদেশী খেদোঁতে ৮৫৫জন শ্বহীদ হৈছিল। কঠীয়াখিনি গ’ল, তাতে কি হ’ল। নতুন কঠীয়া আকৌ লগাই দিলেই হ’ল।

মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে আৰু কয় গুণগুণ উদ্দেশ্য নহয়, উদ্দেশ্য বাংলাদেশীক সুৰক্ষা দিয়া। বিজেপিয়ে যাতে উচ্ছেদ অভিযান একেবাৰে বন্ধ কৰি দিয়ে। বিজেপিৰ উচ্ছেদ অভিযান চলিবই, চাপৰতো হ’ব, গোৱালপাৰাতো হ’ব।
মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পাছতেই সামাজিক মাধ্যমত বহুতেই প্ৰতিক্ৰিয়া দি কৈছে। বাংলাদেশী খেদাৰ নামত নিৰীহ জনতাৰ ওপৰত বুলডজাৰ চলাইছে বিজেপিয়ে।
উচ্ছেদ কৰিলেই বাংলাদেশীক খেদি পঠোৱা নহয় । যদি সচাই বাংলাদেশী তেন্তে কেৱল উচ্ছেদ কৰাই নহয় বাংলাদেশলৈ পঠিয়াইও দিয়ক। কিন্তু এইখন চৰকাৰে সেইয়া নকৰি উচ্ছেদিত সকলক বাংলাদেশী বুলি কেৱল উচ্ছেদ হে চলাইছে ।

লগতে পঢ়ক : Watch | Jagiroad news: জাগীৰোডৰ এজন দন্ত চিকিৎসকে গঢ়ি তুলিছে এখন ব্যতিক্ৰমী ফাৰ্ম