Local, Vocal, Global

বিতৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল !

অন্ত পৰিল দুৰ্গা পূজা। এক আধ্যত্মিক পৰিৱেশৰ লগতে মানুহৰ মাজত পূৰ্বতে বিৰাজ কৰা আনন্দময় পৰিৱেশ এইবাৰ দেখা পোৱা নগ’ল। পূজাৰ বতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ছচিয়েল মিডিয়াত দিয়া এটা পোষ্টক লৈ সৃষ্টি হৈছে বিৰ্তকৰ। মহা নৱমীৰ দিনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছিল- ”মহা নৱমীৰ শুভক্ষণত গুৱাহাটীৰ অজন্তা পথ, শিলপুখুৰী নামঘৰ আৰু বাৰোৱাৰী নামঘৰত মা দুৰ্গাৰ চৰণত সেৱা জনাই অসমবাসীৰ মংগল কামনা কৰিলো”।

নামঘৰত দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়নে? এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। সত্ৰ, পীঠস্থান মাজুলীত দুৰ্গাপূজা অনুষ্ঠিত কৰা নহয়। বৈষ্ণৱ ভক্তি আন্দোলনে ভাৰতীয় জনসাধাৰণৰ ধৰ্মীয় তথা সামাজিক জীৱনলৈ নৱজাগৰণ আনিছিল। সেই বৈষ্ণৱবাদৰ উদ্দেশ্য আছিল আৰোধ্যৰে পৰিপূৰ্ণ ৰক্ষণশীল নিয়ম, বলি বিধান, যাগ-যজ্ঞৰ বিপৰীতে এক উদাৰ আৰু ত্যাগী চেতনা প্ৰৱাহ প্ৰৱাহিত কৰা।
এটা দিন আছিল, তন্ত্ৰবাদৰ মাজত শক্তিমাৰ্গ আৰু ধৰ্মীয় কুসংস্কাৰে সমাজখন গ্ৰাস কৰিছিল। দেৱ-দেৱীৰ সন্তুষ্ট কৰিবলৈ বলি-বিধান দিয়াৰ বিৰুদ্ধে ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ বিৰোধিতা কৰি গুৰুজনাই অসমতো এই বৈষ্ণৱবাদৰ ভক্তি আন্দোলনৰ নেতৃত্ব দিছিল।
বৰ্ণবাদ, জাত-কুল, উচ্চ-নীচৰ বাধা আঁতৰাই একেশ্বৰবাদৰ সূচনা কৰি শ্ৰীমন্ত শংকৰদেৱে যি বৈষ্ণৱ আন্দোলনৰ নেতৃত্ব দিছিল, তাত দেৱ-দেৱীৰ পূজাৰ স্থান নাছিল। মানৱতাবাদ আৰু সাম্যবাদ প্ৰতিষ্ঠাৰ লগতে সেইসময়ৰ প্ৰত্যাহ্বানমূলক ধৰ্মীয় আচৰণৰ বিৰুদ্ধে যুঁজ দিবলৈকে অতি পৰিকল্পিতভাৱে তেওঁ নামঘৰ স্থাপন কৰিছিল।
মানুহক বন্দনা নকৰি দেৱ-দেৱীক পূজা কৰা, তেওঁলোকৰ সন্তুষ্টিৰ বাবে পশু বলি দিয়াৰ বিৰোধ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। আনকি তেওঁ প্ৰিয় শিষ্য মাধৱদেৱক শাক্ত ধৰ্মীৰ পৰা বৈষ্ণৱ ধৰ্মী কৰিছিল গুৰুজনাই। শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ পূৰ্বেই মাকৰ অসুখ হোৱাত দেৱীৰ আগত দুটা ছাগলী বলি দিয়াৰ প্ৰতিজ্ঞা কৰিছিল মাধৱদেৱে।
ইয়াৰ বাবে দুটা ছাগলী বিচাৰি আনিবলৈ মাধৱদেৱে অনুৰোধ কৰিছিল ভনী জোৱায়েকক। কিন্তু ভনী জোৱায়েকেঁ বলি বিধান অপ্ৰাসংগিক বুলি শংকৰদেৱৰ কথা কৈছিল। সেই অনুসৰি শংকৰদেৱক সাক্ষাত কৰি যুক্তিৰ ওচৰত হাৰ মানি শংকৰদেৱ শিষ্যত্ব গ্ৰহণ কৰিছিল মাধৱদেৱে।
পূজা কৰা নকৰা, সেয়া ব্যক্তিগত বিষয়। কিন্তু গুৰুজনাৰ জাতীয় জীৱনলৈ অন্যতম শ্ৰেষ্ঠ অৱদানৰূপে স্বীকৃত নামঘৰত গৈ মুখ্যমন্ত্ৰীয়ে দেৱীৰ চৰণত প্ৰাৰ্থনা কৰা বিষয়টোৱে এতিয়া বিৰ্তকৰ সূচনা কৰিছে। গুৰুজনাৰ এক শৰণ নামধৰ্মক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অপমান কৰিছে বুলিও প্ৰশ্ন উঠিছে।
মুখ্যমন্ত্ৰীয়ে শংকৰদেৱৰ নামঘৰক বিকৃত ৰূপত প্ৰতিষ্ঠা কৰাৰ অভিযোগ তুলিছে। যদি তাত পূজা পতা হৈছে, কেনেকৈ সেয়া নামঘৰ হব বুলিও প্ৰশ্ন কৰিছে ভিন্নজনে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠা কৰিছিল পৰমব্ৰহ্মৰ সন্ধান আৰু উপাসনাৰ বাবে।
মূৰ্তি পূজাৰ স্থান নাছিল মহাপুৰুষ শংকৰদেৱৰ দৰ্শনত। ভাগৱত প্ৰতিষ্ঠা কৰি ঈশ্বৰক সেৱা কৰা নামঘৰত কেতিয়াৰ পৰা দুৰ্গাপূজা অনুষ্ঠিত হ’ল বুলিও প্ৰশ্ন কৰা হৈছে। মহাপুৰুষজনৰ চিন্তা-চৰ্চাক দুৰ্গাপূজাৰ সৈতে একাকাৰ কৰি সমাজৰ বাবে এক ভুল বাৰ্তা প্ৰেৰণ কৰা হ’ল নেকি এই কথাখিনিৰ জৰিয়তে?নে প্ৰকৃততে বাৰোৱাৰী দুৰ্গা মন্দিৰক নামঘৰ বুলিও কোৱা হয় !
মুখ্যমন্ত্ৰীয়ে অন্তঃত এই কথা জনা উচিত আছিল যে, মূৰ্তি পূজা বিৰোধিতা কৰা শংকৰদেৱে নামঘৰৰ জৰিয়তে এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰিছিল। বাৰোৱাৰী দুৰ্গা মন্দিৰত দুৰ্গা পূজা অনুষ্ঠিত হয় ।বহু লোকৰ মতে বাৰোৱাৰী দুৰ্গা মন্দিৰত শংকৰদেৱৰ মাধৱদেৱৰ  তিথিও পালন কৰে ।
শিলপুখুৰী ৰাজহুৱা নামঘৰ আৰু মহিলা নামঘৰত পূজা অনুষ্ঠিত হোৱা নাই। তেনেস্থলত মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেইখনমান আলোকচিত্ৰ সংলগ্ন কৰি এই পোষ্টটোত লিখা কথাখিনিত অজানিতে এই ডাঙৰ ভুল কৰি পেলালে নেকি!
সেই বিৰ্তক আৰু সমালোচনাৰ পাছতো এতিয়াও এনেদৰেই লিখা আছে এই কথাখিনি। হয়তো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱা নাই এই বিষয়টো। মুখ্যমন্ত্ৰীৰ বিভিন্ন দিশ চাবলৈ অভিজ্ঞ ব্যক্তিৰে পৰিপুষ্ট বিভিন্ন পৰামৰ্শদাতা থাকে।
যোৱা দুদিনধৰি এনে এটা ভুল মুখ্যমন্ত্ৰীৰ ফেচবুক পেজত ৰৈ যোৱাৰ পাছতো ইয়াৰ সংশোধনৰ ব্যৱস্থা আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা গৰাকীৰো এই বিষয়টো দৃষ্টিগোচৰ নোহোৱাতো ৰহস্যজনক !