Local, Vocal, Global

CM condoles the passing away of linguist litterateur bishweshwar hazarika : ভাষাতত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক,৩১মাৰ্চ : ভাষাতত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সাহিত্যচাৰ্য্য হাজৰিকাৰ বিয়োগত শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM condoles the passing away of linguist litterateur bishweshwar hazarika)।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে, বিশিষ্ট ভাষাবিদ, গৱেষক-পণ্ডিত বিশ্বেশ্বৰ হাজৰিকাদেৱৰ প্ৰয়াণৰ খবৰে মৰ্মাহত কৰিলে ৷ ‘অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধান’, ‘অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ’, ‘চৰ্যাগীতিকোষ’, ‘Assamese Language origin and Development’ আদিকে ধৰি বহুকেইখন অমূল্য গ্ৰন্থৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা ভাষাচাৰ্য-অধ্যাপকগৰাকীৰ বিয়োগ জাতীয় জীৱনৰ বাবে বৃহৎ ক্ষতি ৷

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- বৰেণ্য অসমীয়াগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷ লগতে এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ বুলি সামাজিক মাধ্যমত উল্লেখ কৰে(CM condoles the passing away of linguist litterateur bishweshwar hazarika) ৷

লগতে পঢ়ক :INDIA Bloc Maharally : দিল্লীৰ ৰামলীলা ময়দানত ইণ্ডিয়া মিত্ৰজোটৰ বিশাল ৰেলী