Local, Vocal, Global

Assam Celebrates 12 New GI Tags For Traditional Crafts : অসমবাসীৰ বাবে ভাল খবৰ;ৰাজ্যৰ ১২ বিধ সামগ্ৰীলৈ প্ৰদান কৰা হ’ল GI TAG

নিউজ ডেস্ক,৩১মাৰ্চ : অসমবাসীৰ বাবে ভাল খবৰ । ৰাজ্যৰ ১২ বিধ সামগ্ৰীলৈ প্ৰদান কৰা হ’ল GI TAG । জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে অসমৰ ১২ বিধকৈ সামগ্ৰীক প্ৰদান কৰিছে জি আই টেগ ।

সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ GI TAG প্ৰদান । পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীয়েও লাভ কৰিলে GI TAG । ঢোল, মিচিং তাঁত শিল্প, আশাৰীকান্দি তেৰাকোট্টা শিল্পলৈও GI TAG । জঠা, গগণা, খাম, ছেৰজা, চিফুঙেও লাভ কৰিলে GI TAG । বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বীলৈও প্ৰদান কৰ হ’ল GI TAG । জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰে GI TAG(Assam Celebrates 12 New GI Tags For Traditional Crafts) ।

ইফালে, অসমৰ পৰম্পৰাগত জাপি শিল্পয়ো লাভ কৰিলে জি আই টেগ । স্বাভৱিকতে বিহুৰ প্ৰাকক্ষণত এই স্বীকৃতিয়ে অসমবাসীক গৌৰৱাম্বিত কৰিছে ।

উল্লেখ্য যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কলা-সংস্কৃতি তথা পৰম্পৰাৰে মহিমামণ্ডিত অসমৰ স্বকীয় বৈশিষ্ট্যই সদায়ে দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে । অসমৰ এই স্বকীয়তাক বৰ্তাই ৰখাৰ বাবে সময়ে সময়ে অসমৰ বিভিন্ন সামগ্ৰীক জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে জি আই টেগ প্ৰদান কৰি আহিছে । এইবাৰ ১২ বিধকৈ সামগ্ৰীক জি আই টেগ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : CM condoles the passing away of linguist litterateur bishweshwar hazarika : ভাষাতত্ববিদ বিশ্বেশ্বৰ হাজৰিকাৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ