Local, Vocal, Global

চৰাইদেউ জিলাত শোকাৱহ পথ দুৰ্ঘটনা

 নিউজ ডেস্ক, ৯ জুলাই : শনিবাৰে পুৱতি নিশা চৰাইদেউ জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

চৰাইদেউ জিলাৰ অন্তৰ্গত দ’লবাগানৰ পানীজানত আজি পুৱতি নিশা সংঘটিত হোৱা এটা মটৰ চাইকেল দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী যুৱক।

পৰৱৰ্তী সময়ত ঘটনাটোত নিহত যুৱক দুজনক নাহৰহাবি চাহ বাগিচাৰ সুৰেশ মুণ্ডাৰ পুত্ৰ আৰমল মুন্দা(২২) আৰু ৰাজু কুমাৰৰ পুত্ৰ ৰকী কুমাৰ(২০) বুলি চিনাক্ত কৰা হয়।

উল্লেখ্য যে, তীব্ৰ বেগত এজোপা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।