Local, Vocal, Global

CLP Meeting to Decide on New CM Begins : তেলেংগানাত চৰকাৰ গঠনৰ বাবে সাজু কংগ্ৰেছ

নিউজ ডেস্ক, ৪ নৱেম্বৰ : তেলেংগানাত কংগ্ৰেছৰ বিজয়ৰ পাছত সোমবাৰে কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে সাজু হৈছে ।সোমবাৰে গাচিবৌলিৰ এখন ব্যক্তিগত হোটেলত চিএলপিৰ নতুন নেতা আৰু মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কংগ্ৰেছ বিধানসভাৰ বৈঠক আৰম্ভ হয়(CLP Meeting to Decide on New CM Begins)।

উল্লেখ্য যে,দেওবাৰে নিশা কংগ্ৰেছৰ অধিকাংশ নিৰ্বাচিত বিধায়কে মহানগৰীত উপস্থিত হয় আৰু বাকী অধিকাংশ বিধায়ক সোমবাৰে পুৱা আহি উপস্থিত হয়। এই বৈঠকত এআইচিচিৰ তেলেংগানাৰ প্ৰভাৰী মণিক্ৰাও ঠাকাৰে, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱ কুমাৰ, এআইচিচিৰ পৰ্যবেক্ষক আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিছে।বৈঠকৰ সময়ত সকলো বিধায়ক-নিৰ্বাচিত লোকে নিজৰ মতামত ভাগ-বতৰা কৰি চিএলপিৰ নেতা আৰু মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰিব। তেওঁলোকৰ মতামতৰ ভিত্তিত চূড়ান্ত অনুমোদনৰ বাবে নতুন দিল্লীত থকা দলৰ হাইকমাণ্ডত আনুষ্ঠানিক প্ৰতিবেদন দাখিল কৰা হ’ব বুলি তেলেংগানা কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই জানিবলৈ দিয়ে(CLP Meeting to Decide on New CM Begins in Hyderabad)।

এই বৈঠখনন পুৱা ৯.৩০ বজাত আৰম্ভ হোৱাৰ কথা আছিল কিন্তু অলপ দেৰিকৈ বৈঠক খন বহিছে ।এই বৈঠকৰ অন্তত তেলেংগানা কংগ্ৰেছৰ প্ৰতিনিধি দলে ৰাজভৱন ভ্ৰমণ কৰি ৰাজ্যপাল তামিলিছাই সৌন্দৰজনৰ সৈতে নতুন চৰকাৰ গঠনৰ বাবে নিযুক্তি বিচাৰিব পাৰে। ইয়াৰ পূর্বে মুখ্য নির্বাচনী বিষয়া বিকাশ ৰাজে এখন প্রতিবেদন প্রস্তুত কৰি নৱনির্বাচিত আটাইকেইজন বিধায়কৰ সবিশেষ ৰাজ্যপালৰ সৈতে ভাগ-বতৰা কৰিব৷

জানিব পৰা মতে, দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত তেওঁ ৰাজভৱনলৈ যোৱাৰ সম্ভাৱনা আছে।আজি সন্ধিয়া দুজনমান সদস্যৰ সৈতে আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে টাইম ফেক্টৰ আৰু সম্পূৰ্ণ হ’বলগীয়া আনুষ্ঠানিকতা বিবেচনা কৰিলে আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সম্ভাৱনা নাই বুলিও কয় নেতাগৰাকীয়ে।যদি পৰিকল্পনা অনুসৰি কাম হয় তেন্তে কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৯ ডিচেম্বৰত হয় পেৰেড গ্ৰাউণ্ড বা এল বি ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ’ব।

লগতে পঢ়ক : Mizoram Assembly Election Result 2023 : পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা