Local, Vocal, Global

পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল বৰাকৰ নাগৰিক

নিউজ ডেস্ক: বৰাকৰ পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে বৰাকৰ নাগৰিক৷
আজি বৰাকৰ হাইলাকান্দি জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে। হাইলাকান্দি জিলাৰ কাটলিছেৰা উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়তসমূহত বিষয়া-কৰ্মচাৰীৰ সহযোগত জনপ্ৰতিনিধিয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আনি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে দাবী কৰা মতে, কাটলিছেৰা উন্নয়ন খণ্ডৰ আপিন-ৰংপুৰ গাঁও পঞ্চায়তত দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। ২০২১-২২ বৰ্ষত আপিন-ৰংপুৰ গাঁও পঞ্চায়তত এটা পথ নিৰ্মাণৰ বাবে আৱণ্টন দিছিল ১০ লাখ টক‍া। কিন্তু পঞ্চায়ত সভাপতি ছালেহ আহমদে মাত্ৰ ৩০ শতাংশ কাম কৰি বাকি টক‍া আত্মসাত কৰিছে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ গাঁও পঞ্চায়তৰ সভাপতি, বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনায়৷ এমজি এনৰেগা আঁচনি ৰূপায়নৰ নামত লাখ লাখ টকা আৱণ্টন দিয়াৰ পাছতো বাট পথৰ কাম নকৰা বুলি কয় ৰাইজে।