Local, Vocal, Global

অভিজিৎ ভট্টাচাৰ্যৰ ‘লভিতা’ বৰ্জন ডিব্ৰুগড়বাসীৰ

নিউজ ডেস্ক: আৱাসন থিয়েটাৰত মঞ্চস্থ হ’বলগীয়া লভিতা নাটক লৈ প্ৰতিক্ৰিয়া ভাৰতীয় গণনাট্য সংঘ। নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ লভিতা নাটকখনক ডিব্ৰুগড়ত নিষিদ্ধ ঘোষণা কৰিছে গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিয়ে। যিগৰাকী মহান শিল্পী আজিও অসমীয়া জাতিৰ প্ৰাণ স্বৰূপ হৈ আছে, যি গৰাকী গণশিল্পীৰ অমূল্য সৃষ্টিৰাজি আজিও প্ৰতিজন অসমীয়াৰ বুকুৱে-বুকুৱে স্থিত হৈ আছে, সেই গৰাকী গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিক বিকৃত ৰূপত দাঙি ধৰাৰ যিকোনো কাৰ্যৰ,যিকোনো পদক্ষেপকেই ভাৰতীয় গণনাট্য সংঘই কোনো কাৰণতেই ক্ষমা নকৰে বুলি স্পষ্ট কৰি দিছে। জ্যোতিপ্ৰসাদৰ লভিতা নাটখনিক আবাহন থিয়েটাৰৰ মঞ্চত অভিজিত ভট্টাচাৰ্যই নিজ খেয়াল খুচি মতে কাট-কূট কৰি বিকৃত ৰূপত মঞ্চস্থ কৰা কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে ভাৰতীয় গণনাট্য সংঘই আৰু জ্যোতিপ্ৰসাদৰ একালৰ বাসস্থান থকা ডিব্ৰুগড়ত আৰু জ্যোতিপ্ৰসাদৰ উপস্থিতিতেই প্ৰথমবাৰৰ বাবে লভিতা নাটখনি মঞ্চস্থ কৰা এই ডিব্ৰুগড়ত, অভিজিত ভট্টাচাৰ্যই বিকৃত ৰূপত মঞ্চস্থ কৰা লভিতা নাটখনিক গণনাট্য সংঘই ডিব্ৰুগড়ত মঞ্চস্থ কৰিবলৈ নিদিয়ে। মঞ্চস্থ কৰিলেই গণ বিক্ষোভৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিপ্ৰদান কৰিছে গণনাট্য সংঘই। ডিব্ৰুগড়ৰ সকলো জ্যোতিপ্ৰসাদ প্ৰেমী ৰাইজ আৰু সাংস্কৃতিক সংগঠন সমূহৰ নেতৃবৃন্দ সকললৈও বিষয়ববীয়া কেইগৰাকীয়ে অনুৰোধ জনায় কয় যে, জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি লভিতা নাটখনিক নিজ ইচ্ছাৰে কাট-কূট কৰি,নাটকত থকা গীত কাটি নথকা গীত সন্নিবিষ্ট কৰা, চৰিত্ৰ সমূহৰ নাম-ধাম একেই ৰাখি বিকৃত ভাৱে উপস্থাপন কৰা,নাটকৰ শেষত “বন্দে মাতৰম” শ্লোগান কাটি তাৰ ঠাইত গেৰুৱাকৰণৰ “ভাৰত মাতা কি জয়” শ্লোগান সন্নিৱিষ্ট কৰা ইত্যাদি দুষ্কাৰ্য্যৰে ভৰা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ বিকৃতিকৰণৰ নাট “লভিতা” যাতে ডিব্ৰুগড়ত মঞ্চস্থ কৰিব নোৱাৰে সেইক্ষেত্ৰত যেন সকলোৱে গণনাট্য সংঘৰ প্ৰতি সহযোগীতা প্ৰদৰ্শন কৰে।